শব্দৰ সন্ধানত এটি অপূৰ্ণ কবিতা
সঞ্জীৱ গগৈ
মেলেংগ্ৰাণ্ট ভোগপুৰ, যোৰহাট
সন্ধিয়াবোৰে পগলা কৰা এটি মাতাল কবিতা,
কাণিমুনি সন্ধিয়াত দেওলগা বাটে ঘাটে
যি কবিতাই বিচাৰি ফুৰে
শব্দৰ ঈষৎ জোনাক।
সেই বাটেৰেই জোনটি চমকে
এন্ধাৰ জোনাকীৰ অশ্লীল আলিঙ্গন
বৰনৈৰ মৰা সুঁতিৰ জলতৰংগই তৰংগই
শব্দৰ সন্ধানত যি নিমগ্ন প্ৰহৰী।
যেন এটি স্থিতপ্ৰজ্ঞ কবিতা।
এটি অপৰিপূৰ্ণ স্তবকৰ পূৰ্ণতাৰ বাবৎ
মদাহীৰ বস্তিয়ে বস্তিয়ে বিমুক্ত বিচৰণ
এসোপামান শব্দৰ ফটিকা টেঁটু লৈকে গিলিও
যি কবিতা নিচাত বাগৰি নপৰে।
আধৰুৱা কবিতাৰ এটি মাত্ৰ স্তবকৰ
পূৰ্ণতাৰ প্ৰতিশ্ৰুতিত।
