শব্দৰ লগনত -সংগীতা ডেকা , ৰঙিয়া 

P.C youtube

শব্দৰ লগনত 

আশা থাকিল

তুমি দুচকুৰে ক’বা

বৰ্ণনাতীত ভাবে

সমিধান বিচাৰিবা

সাঁথৰ মোৰ শব্দবোৰৰ !

কিজানিবা তোমাৰ দৃষ্টি হৈ

মুখামুখি হৈয়েই যায় !

যি মোৰ চকুৰ পতাত

পানী ৰূপে যেন ক’ৰবাত

গোট মাৰি গৈছে…..

যেন এক অচিন ,

যেন এক অদৃশ্য দিশ

আৰু তাৰ ,

বাকহীন আলিংগনত