শব্দৰ ভাজত তোমাক সমৰি – আয়শা ছিদ্দিকা

শব্দৰ ভাজত তোমাক সমৰি

 আয়শা ছিদ্দিকা(আছৰি)বাংলিপাৰা,বৰপেটা

তুমি জানা…
শব্দৰ ভাঁজত মই তোমাক
সামৰি ৰাখোঁ কোনেও নজনাকৈ…
বাক্যৰ যুটনিৰ সেই প্ৰতিটো
ছন্দৰ ফাঁকে ফাঁকে
মই তোমাক আলিংগন কৰো…
মোৰ কল্পনাৰ মৃদু মলয়াৰ
প্ৰেমময় কোমল স্পৰ্শত
তোমাৰ অস্তিত্বখিনি বুটলি লওঁ…
মোৰ স্বৰচিত  কবিতাৰ
প্ৰতিটোৰে বিষয় বস্তু
আৰম্ভণি আৰু যবনিকা তোমাতেই…
তুমি নজনকৈ নভবাকৈয়েই
মই তোমাক ভাবি থাকোঁ
এটি ক্ষণ বাকী নৰয় প্ৰতি মূহুৰ্তৰ…
তুমি বিৰাজ কৰি আছা
মোৰ বাস্তৱ কল্পনাৰ
সমস্ত ৰাজ্যখনেই দখল কৰি….
সমাজৰ পৰা বহু দূৰৈত
তোমাৰ নিজৰ চিন্তাৰ অসীমত
তোমাক সজাইছো মই  সযতনাই….
জানানে বাৰু…!
শব্দৰ ভাজত থাকিবা সদায়
আজীৱন আমৃত্যু লৈকে জীয়াই….
শব্দৰ ভাজত ৰাখি
কলম তুলি লিখিম সদায়
তোমাক নজনোৱা কৈয়ে গোপনে….