শব্দময় অভিশ্ৰী
সংগীতা ডেকা, ৰঙিয়া
ভাবিছোঁ, এতিয়া কেৱল হাঁহি হে বিলাম
আৰু নো কিমান দিন…?
অধ্যায়টো পঢ়ি শেষ হ’বলে…!
কণ কণকৈ আগবাঢ়ি আছে,
মৌন আৱেগবোৰ…
চকুৰে নেদেখা অনন্ত আলোকৰ,
চৰণ চুবলৈ…!
এটি এটিকৈ,
শ্যামলী কবিতা ৰুবলৈ প্ৰয়াস কৰিছোঁ
“নৈঃশাব্দিকতাত”, আত্ম সংগেৰে ৰৈ ৰৈ….!
কিজানিবা,
সজীৱ বৃক্ষ এজোপা অংকুৰিত হয়েই…!
পৃথিৱীৰ একোণত….!