শব্দক তুচ্ছ নকৰিবা-ইহঁতে যুগ লিখে – কানুপ্ৰিয়া ডেকা

Pc LEAD School

শব্দক তুচ্ছ নকৰিবা-ইহঁতে যুগ লিখে

কানুপ্ৰিয়া ডেকা
স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ
বৰপেটা, হাউলী

শ্ৰীকৃষ্ণই গীতাত কৈছিল—কৰ্ম কৰা কৰ্মৰ বিনে অন্য গতি নাই , অৰ্থাৎ কৰ্মৰ প্ৰভাৱৰ পৰা পলাই যাব নোৱাৰি। ঠিক তেনেদৰে, মানুহে শব্দ ব্যৱহাৰ কৰে, কিন্তু শব্দৰ প্ৰভাৱৰ পৰা পলাই যাব নোৱাৰে। শব্দ কেৱল উচ্চাৰণ নহয়; শব্দ হৈছে চিন্তা, শব্দ হৈছে মনোভাৱ, শব্দ হৈছে ইতিহাস। এজন মানুহৰ মুখৰ পৰা ওলোৱা শব্দে কেৱল সেই মুহূৰ্তটোকেই নহয়, আগন্তুক যুগ এটাকো গঢ় দিয়ে। সেয়েহে কোৱা হৈছে—শব্দক তুচ্ছ নকৰিবা, কিয়নো ইহঁতে যুগ লিখে।

শব্দ : কেৱল ভাষা নহয়, ই ধৰ্ম

সাহিত্যত শব্দক অলংকাৰ বুলি কোৱা হয়, কিন্তু জীৱনত শব্দ হৈছে দায়িত্ব। শ্ৰীকৃষ্ণৰ ভাষাত ক’বলৈ গ’লে—যেনেকৈ কৰ্মৰো ধৰ্ম আছে, তেনেকৈ শব্দৰো ধৰ্ম আছে। যি শব্দে আঘাত দিয়ে, সি অধৰ্মৰ পথ। যি শব্দই সান্ত্বনা দিয়ে, সি যোগৰ পথ।

আজিৰ সমাজত মানুহে শব্দক সহজে ব্যৱহাৰ কৰে, কিন্তু গভীৰভাৱে নাভাবে। কটু মন্তব্য, অৱহেলাভৰা নীৰৱতা, উত্তৰ নিদিয়া আচৰণ—এই সকলোবোৰো শব্দৰ এক বিকৃত ৰূপ। মৌন হৈ থাকিলেও শব্দ থাকে; কিয়নো নীৰৱতাও এক ধৰণৰ বাক্য।

সাহিত্যই কিয় শব্দৰ মৰ্যাদা বচাই ৰাখে?

সাহিত্য মানে কেৱল কবিতা, উপন্যাস বা প্ৰবন্ধ নহয়। সাহিত্য হৈছে শব্দৰ সাধনা। এজন কবিয়ে এটা শব্দ বাছি ল’বলৈ আগতে শ’ শ’ বাৰ চিন্তা কৰে। কিয়নো তেওঁ জানে— শব্দই সৃষ্টিৰ মূল, তেন্তে শব্দক তুচ্ছ কৰা মানে সৃষ্টিকেই তুচ্ছ কৰা। আজিৰ সমাজত যেতিয়া শব্দক অৱহেলা  কৰা হয়, তেতিয়া মানৱিকতাৰ ভিতৰখনো খালি হৈ পৰে।

আধুনিক সমাজত শব্দৰ অৱমূল্যায়ন:

ডিজিটেল যুগে শব্দক সহজ কৰি তুলিছে, কিন্তু সস্তা কৰি তুলিছে !

“Seen” কৰি থোৱা মেছেজ, উত্তৰ নিদিয়া কথোপকথন, অর্ধ-সত্যৰে ভৰা মন্তব্য—এইবোৰে শব্দৰ গুৰুত্ব কমাই পেলাইছে। মানুহে ভাবিবলৈ লৈছে—শব্দৰ দায়িত্ব ল’ব নালাগে।

কৃষ্ণৰ ভাষাত ক’বলৈ গ’লে—

“যি শব্দৰ দায়িত্ব নলয়, সি কৰ্মৰ ফলৰ পৰা পলাব বিচাৰে।”

কিন্তু শব্দৰ ফল এৰাব নোৱাৰি। আজিৰ অৱহেলা কালিৰ আঘাত হৈ ঘূৰি আহে।

শব্দই কেনেকৈ যুগ লিখে?

ইতিহাস চাওঁক—

বিপ্লৱ আৰম্ভ হৈছে এটা বাক্যৰে,

আন্দোলন জ্বলিছে এটা শ্লোগানে,

ধৰ্ম গঢ় লৈছে কিছুমান উপদেশে,

শব্দই  মানুহক একত্ৰিত কৰিছে, ভাঙিও পেলাইছে।

এজন নেতাৰ এটা বাক্যই জাতিৰ দিশ সলনি কৰিছে। এজন কবিৰ এটা পংক্তিয়ে যুগ যুগ ধৰি মানুহক জগাই ৰাখিছে।

সেয়েহে শব্দ কেতিয়াও সৰু নহয়। সৰু শব্দইও ডাঙৰ সময় সৃষ্টি কৰিব পাৰে।

নীৰৱতাৰ শব্দ

বহুতে ভাবে—“মই একো কোৱা নাই।”

কিন্তু কৃষ্ণীয় দৰ্শনত নীৰৱতাও এক কৰ্ম। যেতিয়া অন্যায়ৰ সময়ত মানুহ নীৰৱ হৈ থাকে, তেতিয়া সেই নীৰৱতাই ইতিহাস লিখে—অভিযোগৰ নহয়, সহমতিক।

ঠিক তেনেদৰে, সম্পৰ্কত উত্তৰ নিদিয়া নীৰৱতাই এটা বাৰ্তা দিয়ে—“তোমাৰ কথাৰ মূল্য নাই।” এই বাৰ্তাটো শব্দত কোৱা নহ’লেও, ই গভীৰভাৱে অনুভূত হয়।

সাহিত্যই মানুহক সংযম শিকায়। অভদ্ৰতাই মানুহক তৎক্ষণিক আনন্দ দিয়ে, কিন্তু দীৰ্ঘকালীন ক্ষতি কৰে। এজন সাহিত্যিকে শব্দ ব্যৱহাৰ কৰি মানুহৰ মন বুজে; এজন অভদ্ৰ মানুহে শব্দ ব্যৱহাৰ কৰি মানুহৰ মন ভাঙে।

কৃষ্ণৰ ভাষাত— “যি শব্দে হৃদয় ভাঙে, সি বীৰত্ব নহয়; সি দুৰ্বলতাৰ চিন।”

শব্দ আৰু আত্মসন্মান :

মানুহৰ আত্মসন্মান  বহু সময়ত শব্দেৰে গঢ় লৈ উঠে। সঠিক সময়ত কোৱা এটা সৰু বাক্যই কাৰোবাক বচাব পাৰে। আৰু অৱহেলাৰে কোৱা এটা শব্দই কাৰোবাক ভাঙি পেলাব পাৰে।

সেয়েহে শব্দ ব্যৱহাৰ কৰা মানে শক্তি ব্যৱহাৰ কৰা। আৰু শক্তি সদায় দায়িত্বৰ লগত আহে।

সাহিত্যৰ দায়িত্ব আজিও আছে।

আজিৰ সমাজত যেতিয়া শব্দৰ মৰ্যাদা কমি গৈছে, তেতিয়াই সাহিত্যৰ দায়িত্ব বাঢ়িছে। সাহিত্যই মানুহক মনত পেলাব লাগিব—

শব্দ খেল নহয়

ভাষা অস্ত্ৰ নহয়

কটাক্ষ মানে ক্ৰুৰতা নহয়

সত্য কথা ক’ব পাৰি, কিন্তু সংযমেৰে।

এইটোৱেই কৃষ্ণীয় পথ—মধ্যমাৰ্গ।

“শব্দক তুচ্ছ নকৰিবা—ইহঁতে যুগ লিখে।”

এইটো কেৱল এটা শিৰোনাম নহয়; ই এটা সতৰ্কবাণী। শব্দে মানুহ গঢ়ে, শব্দে সমাজ গঢ়ে, শব্দে ইতিহাস গঢ়ে। শব্দৰ প্ৰতি অসাৱধানতা মানে নিজৰ ভৱিষ্যতৰ প্ৰতি অসাৱধানতা।

কৃষ্ণই কেতিয়াও অনাৱশ্যক শব্দ ব্যৱহাৰ কৰা নাছিল। তেওঁৰ প্ৰতিটো বাক্য আজিও জীৱিত। কাৰণ শব্দত সততা আছিল, দায়িত্ব আছিল।

সেয়েহে— শব্দ কওঁতে ভাবিবা, নীৰৱ থাকোঁতে বুজিবা, কাৰণ তুমি কেৱল কথা কোৱা নাই— তুমি এটা যুগ লিখি আছা।

শব্দ কেৱল অনুভৱৰ প্ৰকাশ নহয়; শব্দ হৈছে ক্ষমতা। যাৰ হাতত শব্দ আছে, তাৰ হাতত প্ৰভাৱ আছে। কৃষ্ণীয় দৰ্শনত শক্তি কেতিয়াও নিৰপেক্ষ নহয়—ই সদায় দায়িত্ব বিচাৰে। ঠিক তেনেদৰে, শব্দ ব্যৱহাৰ কৰাও এক দায়িত্ব। যি শব্দে মানুহক দমন কৰে, সি শক্তিৰ অপব্যৱহাৰ। যি শব্দে মানুহক জগায়, সি যোগ।

আজিৰ সমাজত বহুতে শব্দক ক্ষমতাৰ অস্ত্ৰ কৰি তুলিছে—কটু মন্তব্য, উপেক্ষা, নীৰৱ অপমান। এইবোৰে তৎক্ষণিক আধিপত্য দেখুৱায়, কিন্তু দীৰ্ঘকালত সমাজক বিষাক্ত কৰি তোলে। কৃষ্ণৰ ভাষাত ক’বলৈ গ’লে— “অহংকাৰত উচ্চাৰিত শব্দে যুদ্ধ জগায়, জ্ঞানত উচ্চাৰিত শব্দে শান্তি আনে।”

সাহিত্যই কিয় শাসন কৰে শব্দক?

সাহিত্য শব্দক শাসন কৰে—নিষেধেৰে নহয়, বোধেৰে। এজন সাহিত্যিকে  জানে— কেতিয়া ক’ব লাগে, কেতিয়া নক’ব লাগে, কিদৰে ক’লে আঘাত নোহোৱাকৈ সত্য ক’ব পাৰি।

এই বোধেই সাহিত্যৰ শিকনি। সাহিত্যই  মানুহক শিকায় যে সকলো কথা ক’ব পাৰি, কিন্তু সকলো ধৰণে ক’ব নালাগে। এই সংযমেই কৃষ্ণীয় মধ্যমাৰ্গ।

আধুনিক মানুহ আৰু শব্দৰ অস্থিৰতা:

আজিৰ মানুহে কথা কয়, কিন্তু গভীৰকৈ নাভাবে। এটা মন্তব্য লিখিবলৈ দহ ছেকেণ্ড লাগে, কিন্তু তাৰ প্ৰভাৱ বছৰ বছৰ ধৰি থাকিব পাৰে। এই অস্থিৰতাই শব্দৰ গুৰুত্ব কমাই দিছে।

কৃষ্ণীয় দৰ্শনত স্থিৰতা এক ডাঙৰ গুণ। স্থিৰ মানুহে শব্দ বাছি লয়। অস্থিৰ মানুহে শব্দ নিক্ষেপ কৰে। আৰু নিক্ষিপ্ত শব্দে প্ৰায়ে ঘূৰি আহি নিজৰেই আঘাত কৰে।

শব্দ, সময় আৰু স্মৃতি:

শব্দ সময়ৰ লগত মিহলি হৈ স্মৃতিত পৰিণত হয়। মানুহে  হয়তো তোমাৰ মুখ মনত নাৰাখিব  , কিন্তু তোমাৰ দ্বাৰা উচ্চাৰিত এটা বাক্য তেওঁ মনত ৰাখিব পাৰে। সেই বাক্যে হয়তো—

কাৰোবাক শক্তি দিছিল, নে কাৰোবাক ভাঙি পেলাইছিল এইটো বুজাটো অতি প্ৰয়োজনীয়—শব্দ কেতিয়াও মুহূৰ্ততেই শেষ নহয়।

কৃষ্ণীয় মৌনতা আৰু আজিৰ নীৰৱতা:

কৃষ্ণৰ মৌনতা আছিল অৰ্থপূৰ্ণ। তেওঁ যেতিয়া নীৰৱ হৈছিল, তেতিয়া সেই নীৰৱতাই উপদেশ দিছিল। কিন্তু আজিৰ নীৰৱতা বহু সময়ত দায়িত্বহীনতা। Reply নিদিয়া, প্ৰশ্ন এৰাই যোৱা, অনুভৱ ignore কৰা—এইবোৰ মৌনতা নহয়, পলায়ন।

কৃষ্ণীয় মৌনতা জন্ম লয় জ্ঞানৰ পৰা। আধুনিক নীৰৱতা জন্ম লয় সুবিধাবাদৰ পৰা। এই দুটাৰ মাজত পাৰ্থক্য বুজিলেই শব্দৰ মূল্য বুজা আৰম্ভ হয়।

শব্দে সমাজক কেনেকৈ গঢ়ে?

যি সমাজত শব্দৰ মৰ্যাদা থাকে, তাত বিশ্বাস থাকে, ভাষাৰ সংযম থাকে, তাত মানৱতা থাকে, কটাক্ষ থাকে কিন্তু ক্ৰুৰতা নাথাকেসেই সমাজ টিকে। কিন্তু যি সমাজত শব্দক তুচ্ছ কৰা হয়, তাত সম্পৰ্ক ভাঙে, বিশ্বাস মৰে।

সাহিত্যই এই কথাটোৱেই সমাজক বাৰে বাৰে মনত পেলায়।

লেখকৰ ওপৰত দায়িত্ব :

এই যুগত কেৱল ৰাজনীতিবিদ বা বক্তাৰ নহয়, সাধাৰণ লেখকৰো দায়িত্ব আছে। এটা ফেচবুক প’ষ্ট, এটা মন্তব্য, এটা লাইন—এইবোৰো সাহিত্যৰ এটা ক্ষুদ্ৰ ৰূপ। সেয়েহে লেখক হওক বা সাধাৰণ মানুহ—শব্দ ব্যৱহাৰত সকলো দায়িত্বশীল হ’ব লাগিব।

কৃষ্ণীয় ভাষাত— “লেখক সি নহয় যিয়ে বেছি লিখে; লেখক সি যিয়ে দায়িত্ব লয়।”

যদি আমি শব্দক সন্মান কৰোঁ, তেন্তে শব্দেও আমাক সন্মান কৰিব। যদি আমি শব্দক তুচ্ছ কৰোঁ, তেন্তে শব্দেই আমাক ইতিহাসৰ দোষীৰ আসনত বহুৱাব।

সেয়েহে— কথা কোৱাৰ আগতে ভাবিবা, নীৰৱ হোৱাৰ আগতে বুজিবা, কাৰণ শব্দে কেৱল বাক্য নগঢ়ে ইহঁতে যুগ লিখে।