শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ সংৰক্ষণ উন্নয়নৰ ৯ কোটিটকীয়া প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্রীৰ 

শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ সংৰক্ষণ উন্নয়নৰ ৯ কোটিটকীয়া প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্রীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ আধ্যাত্মিক পৰম্পৰা আৰু শক্তি পূজাৰ অন্যতম গুৰুত্বপূর্ণ স্থলী শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ সংৰক্ষণ তথা চৌহদৰ উন্নয়ন সাধনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রায় ৯ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া এটা প্ৰকল্পৰ ভূমিপূজন কৰে। ২১ বিঘা ভূমি সামৰি এই প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব। তেওঁ লগতে বুঢ়া-বুঢ়ী শাললৈ অহা ভক্ত-দর্শনার্থীৰ সহায় হোৱাকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা এটা পানী যোগান প্রকল্পও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ৮০.৯২ লাখ টকা ব্যয়েৰে এই পানী যোগান প্রকল্পটো নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে মুখ্যমন্ত্রী ড° শর্মাই কয় যে বুঢ়া-বুঢ়ী শাল অসমৰ অন্যতম প্রাচীন উপাসনাস্থলী। ২০০১ চনত বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পৰাই শদিয়াস্থিত বুঢ়া-বুঢ়ী শাল তেওঁ কেই বা বাৰো দৰ্শন কৰি সেৱা আগ বঢ়াইছে।

ঐতিহ্যমণ্ডিত এই শালখনৰ সংৰক্ষণ আৰু সংবর্ধনৰ উদ্দেশ্যে প্রায় ৯ কোটি টকা ব্যয়েৰে মূল মন্দিৰ গৃহৰ উন্নয়ন, মন্দিৰত প্ৰৱেশৰ মূল গেট, জিৰণিচ’ৰা তথা অতিথিশালা, মন্দিৰ চাৰিআলিত দৰ্শনাৰ্থীক স্বাগতম জনাই গেট, পূজাৰীৰ থকা ঠাইৰ সুবিধা আদি নির্মাণ, মন্দিৰ চৌহদৰ সৌন্দৰ্যবর্ধন আদিৰ পদক্ষেপ গ্রহণ কৰা হৈছে। বুঢ়া-বুঢ়ী শালৰ মাহাত্ম্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত এই উপাসনাস্থলী দর্শন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ লগতে কয় যে এই প্রকল্পটো সম্পূর্ণ হৈ উঠিলে শালখন এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু পৰ্যটনৰ ক্ষেত্ৰত পৰিণত হ’ব। আজি উদ্বোধন হোৱা পানী যোগান প্রকল্পটোরে শালখনৰ পূজাৰীসকলৰ লগতে ভক্ত-দর্শনার্থীসকলক উপকৃত কৰিব। উল্লেখ্য যে  চাৰিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উজনি অসম ভ্রমণ আৰম্ভ কৰিছে। এই সময়ছোৱাত তেওঁ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কেই বাটাও স্থানলৈ গৈ গুৰুত্বপূৰ্ণ কেই বাটাও প্ৰকল্পৰ ভূমিপূজন কৰিব। তদুপৰি তেওঁ ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত কেই বাখনো পর্যালোচনামূলক বৈঠকত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত মন্ত্রী বিমল বড়া, মন্ত্রী ৰূপেশ গোৱালা, বিধায়ক বলিন চেতিয়া, সঞ্জয় কিষাণ, সুৰেন ফুকন, তৰংগ গগৈকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।