শতদল পলাশবাৰী সাহিত্য সভাৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদক বাচনি
অহা ২৮,২৯ ডিচেম্বৰত ৬৬ সংখ্যক দ্বি-বার্ষিক অধিৱেশন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- শতদল পলাশবাৰী সাহিত্য সভাৰ আজি জৰুৰী কাৰ্যনিৰ্বাহক সভাখনি মিৰ্জাস্থিত সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে এই সভাৰ সম্পাদক ৰবীন কুমাৰ দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। এই সভাত সভাপতিত্ব কৰে পলাশবাৰী সাহিত্য সভাৰ সভাপতি গজেন চন্দ্ৰ দাসে। এই সভাতে অসম সাহিত্য সভাৰ আগত ২০২৫-২৭ বৰ্ষৰ বাবে সর্বসম্মতিক্রমে সভাপতি,উপ-সভাপতি আৰু প্রধান সম্পাদকৰ নাম বাচনি কৰা হয়। লগতে এই সভাতে আজীৱন সভ্যৰ প্রমাণপত্র,শতদল পলাশবাৰী সাহিত্য সভাৰ আগত ২৮ আৰু ২৯ ডিচেম্বৰত ৬৬ সংখ্যক দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত কৰা,সভাৰ মুখপত্ৰ “দখিণ কোল” প্ৰকাশ কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাত এই সভাৰ উপ সভাপতি বলেন চন্দ্ৰ কলিতা,আন বিষয়ববীয়া ক্ৰমে বলেন্দ্ৰ চন্দ্ৰ কুমাৰ,ৰঞ্জিত চৌধুৰী, ড০ নৰেন দাস ড. যোগেশ চন্দ্ৰ দাস,ডঃ নগেন দাস, অনিল চন্দ্ৰ কলিতা,অমিয় কলিতা,যোগেশ কুমাৰ, অকণ চৌধুৰীকে ধৰি বহুকেইজন কাৰ্যকৰী সদস্যই উপস্থিত থাকি অসম সাহিত্য সভাৰ এই নিৰ্বাচনৰ বিষয়ত বক্তব্য প্ৰদান কৰে। আজিৰ সভাই লগতে আন কেইবাটাও সিদ্ধান্ত গ্রহণ কৰে। লগতে আগত এই দ্বিবার্ষিক অধিৱেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাইজ তথা সকলো সদস্য,বিষয়ববীয়াৰ সহায়-সহযোগ কামনা কৰি সভাৰ সামৰণি মাৰে সভাপতি গজেন চন্দ্ৰ দাসে। সম্পাদক ৰবীন কুমাৰ দাসে জানিবলৈ দিয়া মতে ইতিমধ্যেই এই সভাৰ মুখপত্ৰ “দখিণ কোল” প্ৰকাশৰ বাবে যাৱতীয় প্ৰস্তুতি হাতত লৈছে। গতিকে যথাসময়ত ইচ্ছুক লেখকসকলৰ লেখনি সমূহ সম্পাদক বা সভাপতিৰ হাতত জমা দিবলৈয়ো আহ্বান জনায়।