শক্তিৰ আধাৰ সেন্দুৰ – ডলী ফুকন

Pc Shryoan Cosmetics

শক্তিৰ আধাৰ সেন্দুৰ

ডলী ফুকন,লখিমপুৰ

সেন্দুৰ নাৰীৰ অন্তর্নিহিত শক্তি, আধ্যাত্মিকতা আৰু ঐশ্বৰিক সংযোগৰ মূল ভেটি হিচাপে গণ্য কৰা যায়। সেন্দুৰক আদ্যশক্তিৰ এক অংশ হিচাপে গণ্য কৰা হয়,ই বিবাহিত নাৰীৰ শক্তি, সৌন্দর্য আৰু সমৃদ্ধিৰ প্ৰতীক। সেন্দূৰ মচি পেলোৱাটো এগৰাকী নাৰীৰ বিধৱা হোৱাৰ চিহ্ন হিচাপে বিবেচিত হয়, যাৰ সৈতে সামাজিক দৃষ্টিভংগী জড়িত থাকে ।

এগৰাকী নাৰীৰ ঈশ্বৰ প্ৰদত্ত এই সেন্দুৰ-

সেন্দুৰ পৰিধান কৰা আৰু নকৰাক লৈ নাৰীবাদী সকলৰ মাজত আলোচনা, তর্ক বিতর্ক চলি আছে আভ্যন্তৰীণ ভাৱে। প্ৰতিটো জীৱৰ দৰেই নাৰীৰ স্বকীয় বৈশিষ্ট্য আছে। সকলো জীৱৰে কিছুমান সৱলতা, কিছুমান দুর্বলতা থকা পৰিলক্ষিত হয় ।

সমাজত নাৰীয়েই হয়তো বহু সময়ত অন্যায় অবিচাৰৰ বলি বেচিকৈ হৈছে। কিন্তু নাৰীয়ে নিজৰ ভিতৰত থকা অপৰিসীম শক্তিখিনিক অনুভৱ কৰি আৰু তাৰ সদ প্ৰয়োগ কৰি নিজক সেই অন্যায় অবিচাৰ নিপীড়নৰ বলিশালৰ পৰা মুকলি কৰিব পাৰিব বুলিও সম্পূর্ণ বিশ্বাস আছে। তাৰবাবেই প্ৰতিগৰাকী নাৰীয়ে আত্ম বিশ্লেষণ আৰু আত্মবিপ্লৱৰ সূচনা কৰিব লাগে। কেৱল প্রতিবাদ বা ৰাজপথত ওলাই আহিলেই বলিশালৰ পৰা মুকলি হ’ব এনে ধাৰণা ভুল।  স্বামীৰ অবৰ্তমানত সেন্দুৰ পৰিধান : পৰ্যালোচনা ___

নিয়ম মানুহে গঢ়ে মানুহেই ভাঙে :

বিশ্লেষণ-

এগৰাকী পত্নী ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ পিছত স্বামী এজনৰ কোনো পৰিৱৰ্তন আমাৰ চকুত নপৰে অন্যহাতে  যেতিয়া এজন স্বামীৰ মৃত্যু হয় সেই মৃত্যুয়ে এগৰাকী পত্নীৰ জীৱনৰ ৰংবোৰে নোহোৱা কৰি পেলাই ,এদিন  প্ৰিয় মানুহজনে পিন্ধাই থৈ যোৱা এই সেন্দুৰ ক মোহাৰিও প্ৰমান কৰিব লগা হয় যে তেওঁ এতিয়া বিধৱা ,তেওঁ নিসংগ অকলশৰীয়া!  কিন্তু কিয় ?যি গৰাকী নাৰীক স্বামীৰ উপস্থিতিত তেওঁৰ প্ৰিয় মানুহজনে বগা সাজত চাব নোৱাৰে অথচ তেওঁৰ মৃত্যুৰ পিছত বগা কাপোৰ সাজত সমাজে চাব বিচাৰে ,কিয়?নাৰীক দূব্বল  আৰু অসহায় বুলি অনুভৱ কৰাবলৈ ,,,কিয় বাধ্য কৰোৱা হয় তেওঁৰ অনিইচ্ছা স্বত্বেও  ,,, নাৰীক স্বামীৰ মৃত্যুৰ পিছত ,এই শক্তিৰ আধাৰ সেন্দুৰ কন মুচি দিবলৈ…,,,তেওঁ যে নাই প্ৰতিপলে অনুভৱ কৰাবলৈ…!!!

এগৰাকী  নাৰীৰ শক্তিৰ আধাৰ  এই সেন্দুৰ,তেওঁৰ প্ৰিয় মানুহজন‌ কায়িক ভাবে নাই যদিও তেওঁ আছে প্ৰতিটো খোজত,,সেন্দুৰৰ ঐশ্বৰিক শক্তিত লুকাই আছে প্ৰতি স্বামীৰ প্ৰতি থকা অগাধ  মৰম ,আদৰ,শ্ৰদ্ধা ,তেওঁৰ শিৰত জিলিকি থাকবলৈ দিয়ক এইকন মাথোঁ ৰঙা সেন্দুৰ ।

এই সেন্দুৰ কনে স্বামী এজনৰ  উপস্থিতিক সদায় অনুভৱ কৰাব ,যেতিয়া আইনাৰ আগত তেওঁ মুখ খন চাব  নিজৰ শক্তিক অনুভৱ কৰাব, যেতিয়া এগৰাকী নাৰী এজন পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ,তেতিয়া কেৱল শাৰীৰিক মিলন নহয় আত্মাৰ মিলন হয় ,আৰু য’ত  আত্মাৰ মিলন হয় এই আত্মাৰ মৰণ নাই কেতিয়াওঁ, কায়িক উপস্থিতি সদায় থাকে ।এই সময় কিছু সামাজিক নিয়ম পৰিৱৰ্তনৰ ,কিছু মানসিকতা সলনিৰ সময় ,সেয়ে কেতিয়াওঁ নকব ভগৱান স্বৰূপ স্বামীয়ে ভালপোৱাৰ চিন স্বৰূপে পিন্ধাই থৈ যোৱা এই সেন্দুৰ কন মুচি দিবলৈ, ,,কাৰণ এই সেন্দুৰ কনেই এগৰাকী নাৰীৰ কৰবাত স্বামী অবৰ্তমানৰ ৰক্ষাকৱচ ,,,শক্তিশালি কৰি ৰাখিব তেওঁক এই সেন্দুৰ কনে ,,জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ লগত যুঁজিবলৈ ,,, এগৰাকী নাৰীৰ পৰা অন্ততঃ এই অধিকাৰ কন কাঢ়ি নপেলাব , জিলিকি থাকিবলৈ দিয়ক  এই ঐশ্বৰিক শক্তিৰ আধাৰ এই সেন্দুৰ কন প্ৰতি গৰাকী নাৰীৰ শিৰত উজ্বলি।