শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন এম ভি গংগা-বিলাসৰ বিদেশী পৰ্যটক দলৰ

শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন এম ভি গংগা-বিলাসৰ বিদেশী পৰ্যটক দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ আটাতকৈ দীৰ্ঘতম নদী ক্ৰুজ এম ভি গংগা-বিলাস ব্ৰহ্মপুত্ৰ নদীৰ মাৰ্গেৰে ধুবুৰীৰ পৰা গোৱালপাৰা, শুৱালকুছি দৰ্শন কৰি সোমবাৰে অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত  গুৱাহাটীৰ পাণ্ডু ঘাটত উপস্থিত হৈছিল। আৰু আজি এম ভি গংগা-বিলাসৰ বিদেশী পৰ্যটকে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে। পাণ্ডু ঘাটৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে পৰ্যটকসকলক কামাখ্যা মন্দিৰলৈ নিয়া হৈছে। কামাখ্যা দেৱালয়ৰ তৰফৰ পৰা পৰ্যটকসকলক উষ্ম আদৰণি জনোৱা হয়। কামাখ্যা মন্দিৰৰ ভাস্কৰ্য শিল্প দৰ্শন কৰি পৰ্যটকসকল আপ্লুত হোৱা দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ আগত পৰ্যটকসকলে নিজৰ অনুভৱ প্ৰকাশ কৰিলে। পৰ্যটকসকলক জিলা প্ৰশাসন তথা অসম পৰ্যটনৰ শীৰ্ষ বিষয়াসকলে সংগ দিছে ।কাৰ্যসূচী অনুসৰি, কামাখ্যা দৰ্শনৰ পাছতেই পৰ্যটকসকল অসম ৰাজ্যিক সংগ্ৰহালয়লৈ ৰাওনা হ’ব ।