শকুনি মামা খ্যাত অভিনেতা গুফি পেণ্টালৰ মৃত্যু

Pc The Indian Express

শকুনি মামা খ্যাত অভিনেতা গুফি পেণ্টালৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনয় জগতখনে হেৰুৱালে শকুনি মামা খ্যাত অভিনেতা গুফি পেণ্টালক। মহাভাৰতত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত হোৱা প্ৰবীণ অভিনেতা গুফী পেন্টালৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰিছে ।অভিনেতাগৰাকীৰ মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। বয়সৰ লগত জড়িত বহু ৰোগত আক্ৰান্ত গুফী পেন্টালৰ আজি পুৱা প্ৰায় ৯ বজাত হাৰ্ট এটেকত মৃত্যু হয়।যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰ যুদ্ধত যুঁজি আছিল তেওঁ। চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল।