শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগ বেলেগত নহয় মাজুলীতেই স্থাপন হৈছিল

শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগ বেলেগত নহয় মাজুলীতেই স্থাপন হৈছিল, অপ্ৰয়োজনীয় বিতৰ্ক হোৱাতো অনুচিত ; উপাচাৰ্য প্ৰাধ‍্যাপক নিৰোদ বৰুৱা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ শিকলিচাপৰিস্থিত মণিকাঞ্চন মিলনক্ষেত্ৰ ধূঁৱাহাট বেলগুৰি থানত অনুষ্ঠিত আহঁতগুৰি উৎসৱ-২৬ ৰ মুকলি সভা আৰু বটাঁ প্ৰদান অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি  মাজুলী সাংস্কৃতিক বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য তথা বুৰঞ্জীবিদ প্ৰাধ‍্যাপক নিৰোদ বৰুৱাই  কয় –  বহুবছৰ ধৰি শংকৰ -মাধৱ গুৰু দুজনাৰ মিলনৰ এই থানখনৰ সঠিক স্থানক লৈ বিতৰ্ক হৈ আছে কিন্তু এইবোৰ অপ্ৰয়োজনীয় বিতৰ্কহে । কাৰণ গুৰুদুজনাৰ মণিকাঞ্চন সংযোগ যে ইয়াতেই হৈছিল সেয়া অতি স্পষ্ট আৰু তথ‍্যপ্ৰমানিত । উপাচাৰ্য গৰাকীয়ে উক্ত সভাতেই ডক্টৰ শৰৎ কুমাৰ ফুকনৰ “এ ব্ৰীফ এনালেটিকেল ষ্টাডী অব শ্ৰীশ্ৰী বেলগুৰি- ধূৱাহাট” নামৰ এখন গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰে । ধূঁৱাহাট বেলগুৰি থান বিষয় ভৌগোলিক আৰু ঐতিহাসিক তথ‍্যৰ গৱেষণামূলক গ্ৰন্থখনৰ উন্মোচন প্ৰসংগত বুৰঞ্জীবিদ ডক্টৰ বৰুৱাই  কয় যে  “ আচলতে মণিকাঞ্চন সংযোগ যে এই আহঁতগুৰিতেই হৈছিল ফুকনদেৱৰ এই গৱেষণামূলক গ্ৰন্থখনতেই  তাৰ উদাহৰণ নিহিত আছে , গ্ৰন্থখন সৰু হ’লেও এয়া এক যোগাত্মক গৱেষণাৰ ফচল” । এই উৎসৱতেই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীক মণিকাঞ্চন সংযোগ-২০২৬ বটাঁ প্ৰদান কৰে ।