শংকৰী সংগীত বিদ্যাপীঠৰ দীক্ষান্ত সমাৰোহ

শংকৰী সংগীত বিদ্যাপীঠৰ দীক্ষান্ত সমাৰোহ
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-   শংকৰী সংগীত বিদ্যাপীঠ,অসমৰ দশম দীক্ষান্ত সমাৰোহ যোৱা ২৪ নৱেম্বৰত মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষনা কেন্দ্ৰ যোৰহাটত অনুষ্ঠিত হৈছিল আৰু এই সমাৰোহত অংকুৰণ সংগীত বিদ্যালয়,নাজিৰাৰ ৫৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে খোলবাদন আৰু সত্ৰীয়া নৃত্যত বিষাৰদ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ।পদ্মশ্ৰী যতীন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই দীক্ষান্ত সমাৰোহত যোৰহাটৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল ।নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ যোৱা ছয়টা বছৰত সত্ৰীয়া নৃত্যত ৫৪ গৰাকী আৰু খোলবাদনত ৩ গৰাকীসহ মুঠ ৫৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিষাৰদ ডিগ্ৰী লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনে ।আনহাতে ২০২৩ বৰ্ষত নাজিৰা অংকুৰণ সংগীত বিদ্যালয়ক উৎকৃষ্ট পৰীক্ষা কেন্দ্ৰ হিচাপে বঁটা প্ৰদান কৰে  ।অংকুৰণ সংগীত বিদ্যালয়ৰ অধ্যক্ষা ৰেখা বৰুৱাৰ এনে কৃতিত্বত স্হানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।