শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ
ৰঙিলী বাৰ্ত্তাসেৱ- সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে শংকৰজ্যোতি বৰুৱাৰ জামিন । দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা। ১৯ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে আদালতে বৰুৱাক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। কেইবাটা দিন কাৰাবন্দী হৈ থকাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিবৰ বাবে পথ মুকলি হৈছে শংকৰজ্যোতি বৰুৱাৰ। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে দুলীয়াজনৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপটিৰ ঘটনাক কেন্দ্ৰ কৰি শংকৰজ্যোতি বৰুৱাৰ নাম সাঙোৰ খাইছিল। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল বৰুৱা। কিন্তু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক যেতিয়া আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ যায় তেতিয়াই ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।