শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’বলৈ পৰামৰ্শ সংগঠনটোৰ সভাপতি আৰু মুখ্য উপদেষ্টাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল’বলৈ পৰামৰ্শ সংগঠনটোৰ সভাপতি আৰু মুখ্য উপদেষ্টাৰ। শংকজ্যোতি বৰুৱাৰ বিতৰ্কক লৈ গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়া হৈছে শংকৰজ্যোতি বৰুৱাক৷ উল্লেখ্য যে, এগৰাকী যুৱতী ছাত্ৰীৰ সৈতে প্ৰেম-বিচ্ছেদ-প্ৰতাৰণাৰ এক বিতৰ্কত সাঙোৰ খাই পৰিছে শংকৰজ্যোতি বৰুৱা । আনকি যুৱতীগৰাকীয়ে কেতবোৰ বিস্ফোৰক অভিযোগ ৰাজহুৱাভাৱে উত্থাপন কৰাৰ লগতে আৰক্ষীৰ ওচৰত গোচৰো ৰুজু কৰিছিল৷ যাৰ বাবে ন্যায়ালয়ৰ পৰা আগতীয়া জামিনো ল’বলগীয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে । যোৱা কেইবাদিনো ধৰি সমগ্ৰ ৰাজ্যজুৰি এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ লগত ছাত্ৰ সংগঠনকটোৰ স্থিতিক লৈ প্ৰশ্নও উত্থাপন হৈ আহিছে ৷ শংকৰজ্যোতি বৰুৱাক অব্যাহতিৰ পৰামৰ্শৰ কথা সদৰী কৰি মুখ্য উপদেষ্টা ড৹ সমু্জ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমক জনাই, “সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি আৰু সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক অব্যাহতি ল’বলৈ, ছুটীত থাকিবলৈ আমি পৰামৰ্শ দিছো । আমি আশাবাদী তেওঁ আমাৰ কথাবোৰ মানি ল’ব ।” সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীয়ে লগতে সদৰী কৰে, “সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ই সমগ্ৰ অসমতে ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ বাবে কালি সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি উৎপল শৰ্মা আৰু মই আলোচনাত মিলিত হৈছিলো । গুৰুত্বসহকাৰে কথা পাতি আমি তেওঁক সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি আৰু ছুটী ল’বলৈ পৰামৰ্শ দিছিলো । আমি আাশা কৰিছো তেখেতে আমাৰ পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব ৷ অতি শীঘ্ৰেই এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷” ইফালে আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘ব্যক্তিতকৈ সংগঠন আৰু সংগঠনতকৈ সমাজ সদায় ওপৰত ৷ আছুৰ সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে, তাৰ পৰিপ্ৰেক্ষিতত সংগঠনৰ স্থিতিৰ প্ৰতি বহুতেই প্ৰশ্ন উত্থাপন কৰিছে ৷ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈকে আমি একপক্ষীয়ভাৱে সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছিলো ৷ তেওঁ সংবাদ মাধ্যমৰ সমুখত যি বক্তব্য আগবঢ়াইছে আমাৰ আগতো একেখিনি কথাই কৈছে ৷ সেয়ে সংগঠনৰ ভাৱমূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়া হৈছে ৷’’
