লোহিত খাবলুত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত সাতখন উন্নয়ন মূলক আঁচনি শুভাৰম্ভ : সাধাৰণ সদস্য মুকুল পেগুয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে সাতখন উন্নয়ন মূলক আঁচনি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সাতখন বিভিন্ন গাঁৱত আজি সাতখন উন্নয়ন মূলক আঁচনিৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হয়। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ সমষ্টি উন্নয়ন পূঁজিৰে আজি ২৩ নং লোহিত পৰিষদীয় সমষ্টিত উক্ত বৃহৎ আঁচনিসমূহ ৰূপায়ণৰ কাম আৰম্ভ কৰা হয়। আতাইকেইখন আঁচনি আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগুয়ে। আজি শুভাৰম্ভ কৰা সাতখন উন্নয়ন মূলক হৈছে আঁচনিসমূহ হৈছে যোগীবাৰী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন( অনুমোদিত পুঁজি ৬ লাখ), বৰবিল পকনীয়া প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, ( অনুমোদিত পুঁজি ৬ লাখ), পাছুং প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন,( অনুমোদিত পুঁজি ৬ লাখ), কামৰেক গাঁৱৰ মুকলি মঞ্চ,( অনুমোদিত পুঁজি ৬ লাখ), ললিতি মৰান গাঁৱৰ মুকলি মঞ্চ (অনুমোদিত পুঁজি ৬লাখ), নামনি ডাম্বুকিয়াল মুকলি মঞ্চ,(অনুমোদিত পুঁজি ৬ লাখ) আৰু হস্তিনাপুৰ নামঘৰৰ আন্তঃগাঁথনি উন্নয়ন,( অনুমোদিত পুঁজি ২ লাখ)। উক্ত, সাতখন উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ কৰি সমষ্টিটোৰ সাধাৰণ সদস্য মুকুল পেগুয়ে উন্নত মানদণ্ডৰে নিৰ্মাণ কাৰ্যসমূহ নিৰ্দিষ্ট দিনত সমাপ্ত কৰি ৰাইজৰ বাবে মুকলি কৰিবলৈ আহ্বান জনায়।


