লোহাৰঘাটত জাতীয় শ্বহীদ দিৱস পালন

লোহাৰঘাটত জাতীয় শ্বহীদ দিৱস পালন

শৈলেন কুমাৰ ,মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- ২০১১ চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত গোষ্ঠী সংঘৰ্ষ চলি আছিল। ৰাভা আৰু গাৰো এই জনগোষ্ঠী দুটাৰ মাজত সংঘটিত সংঘৰ্ষত বিশেষকৈ ৰাভাসকলে বহু হেৰুৱাবলগীয়া হৈছিল। গোষ্ঠী সংঘৰ্ষৰ বলি হোৱা পৰিয়াল সমূহ আশ্ৰয় শিৱিৰত থাকিবলগীয়া হৈছিল। গোৱালপাৰা জিলাৰ কুকুৰকাটাত থকা আশ্ৰয় শিৱিৰত দূৰ্গতলোক সকলক সাহাৰ্য প্ৰদান কৰিবলৈ গৈছিল দক্ষিণ কামৰূপৰ লোহাৰঘাটৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ এটি দল। সাহাৰ্য প্ৰদানকাৰী দলটোৱে শিৱিৰৰ পৰা ঘৰলৈ উভতিবলৈ লৈছিল। কিন্তু ঘৰলৈ উভতি অহাৰ পথত জিলাখনৰ পাইকান অঞ্চলৰ এক জনশূন্য এলেকাত অচিনাক্ত দুৰ্বৃত্তই সাহাৰ্য প্ৰদানকাৰী দলটোৰ ওপৰত ভয়াৱহ আক্ৰমণ চলায়। ২০১১ চনৰ ৯ জানুৱাৰীত সংঘটিত ঘটনাটোত সাহাৰ্য প্ৰদানকাৰী দলটোৰ কিছু সদস্য কোনোমতে প্ৰাণটো বচাবলৈ সক্ষম হয় যদিও জয়ন্ত ৰাভা, মোহন ৰাভা, ঈশ্বৰ ৰাভা আৰু উপেন ৰাভাৰ (সাগৰ পৱন) প্ৰাণ ৰক্ষা নপৰিল। উক্ত বৰ্ষৰ ২৭ জানুৱাৰীত পাইকানতে তিনিজন সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছিল, যদিও উপেন ৰাভা আজিপৰ্যন্ত নিখোজ হৈয়েই থাকিল। উক্ত দিনটোত লোহাৰঘাটৰ মেমবস্তিত চাৰিওজন সদস্যক জাতীয় শ্বহীদ ঘোষণা কৰাৰ লগতে উদ্ধাৰ হোৱা তিনিওগৰাকীৰ শৱদেহ সমূহীয়াভাৱে সৎকাৰ কৰা হৈছিল। উল্লেখযোগ্য যে প্ৰতিটো বৰ্ষৰ ২৭ জানুৱাৰীৰ দিনটো আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱস ৰূপে পালন কৰি অহা হৈছে। সেই উপলক্ষে আজি দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাটত ৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক ‘আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱস’ৰ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা মেমবস্তিৰ সমাধি ক্ষেত্ৰত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। তাৰপিছত লোহাৰঘাটস্থিত ছাত্ৰ সংগঠনটোৰ মুখ্যকাৰ্যালয়ৰ শ্বহীদ বেদীত পুষ্পাঞ্জলি প্ৰদান কৰাৰ পিছত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। উক্ত দিনটোৰ সোৱৰণিৰে প্ৰকাশ কৰি উলিওৱা ‘স্মৰণিকা’ উন্মোচন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচুক আৰু প্ৰাচীৰ পত্ৰিকা ‘কুঁহিপাত’ উন্মোচন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাই। উক্তদিনৰ সৈতে সংগতি ৰাখি কুইজ, চিত্ৰাংকন আৰু ভলি ব’ল প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। আজিৰ অনুষ্ঠানত ষষ্ঠ অনুসূচী দাবী সমিতিৰ সম্পাদক মনোজ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকৰী সম্পাদক দেবানন ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভা আদিকৰি বিভিন্ন দল–সংগঠনৰ লোকে অংশ গ্ৰহণ কৰে।