লোক সংস্কৃতিৰ ভিতৰত এক অন্যতম প্ৰাচীন শিল্প “পুতলা নাচ”
অনামিকা (সংগীতা )কলিতা,শুৱালকুছি
লোক সংস্কৃতিৰ ভিতৰত এক অন্যতম প্ৰচীন শিল্প পুতলা নাচ।খ্ৰীষ্টপূৰ্ব পঞ্চম শতাব্দীত পুতলা নাচৰ উৎপত্তি বুলি ঠাৱৰ কৰিব পাৰি ।এই প্ৰচীন শিল্প বিধ পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে নামকৰণ কৰিছে। আমাৰ ভাৰত বৰ্ষত এই শিল্প বিধৰ তাহানিৰে পৰা এতিয়ালৈকে এক ঐতিহ্য বহন কৰি আহিছে ।এই পুতলাৰ যোগেদি ধৰ্মীয় গ্ৰন্থ মহাভাৰত,ৰামায়ণৰ আখ্যানৰ পৰা সমাজ সচেতন,ধেমেলীয়া সকলো দৃশ্য অৱতাৰণা কৰে ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পুতলা নাচ ভাওন ,মুখা শিল্প সংস্কৃতিৰ আদিৰ সহায়ত সমাজ খনত ,অজ্ঞান অন্ধকাৰ দূৰ কৰি জ্ঞানৰ আলোক বিতৰণ বাবেই এই শিল্প বোৰৰ সহায় লোৱাৰ বিষয়ে বিভিন্ন গ্ৰন্থত পঢ়িব পাইছোঁ।
সেই সময়ত মোবাইল টিভি আদি নাছিল। গতিকে সমাজ খনৰ আগত কিছুমান কথা বুজোৱাৰ বাবে ,মাটি বাঁহ বেত কাপোৰ আদিৰে তৈয়াৰ কৰা কিছুমান পুতলা সাজি লৈছিল ।তাৰ পিছত ১৪বা১৬জন মানুহে লগ হৈ এটি দল গঠন কৰি,তেওঁ লোকে (ৰিহাচল) প্ৰশিক্ষণ লৈ কিছুমান বাদ্যযন্ত্ৰ সহযোগত বিভিন্ন মঠ-মন্দিৰ বা ৰাজহুৱা স্থান এই পুতলা নাচ প্ৰদৰ্শন কৰিছিল।
বৰ্তমান এই শিল্পৰ আমাৰ সমাজৰ পৰা পাহৰণিৰ গৰ্ভত বিলীন হৈ যাৱ যেন অনুভৱ হয়।গতিকে আমাৰ সকলোৰে দায়িত্ব এই শিল্প বিধক সংৰক্ষণ কৰা আৰু সমাজৰ মাজত প্ৰচলিত কৰি ধৰি ৰখা।