লোক সংস্কৃতিৰ গৱেষক বিৰিঞ্চি কুমাৰ বৰুৱা
বন্দিতা শৰ্মা কন্দলি
মৰমৰ মইনাহঁত, তোমালোকে বিদ্যালয়, মহাবিদ্যালয়ৰ বা আন ৰাজহুৱা প্ৰেক্ষাগৃহ আদিক কোনো বিশেষ ব্যক্তিৰ নামেৰে নামাকৰণ কৰা দেখিবলৈ পাইছা নিশ্চয়! ইয়াৰ কাৰণ হৈছে সেই ব্যক্তিজনে সেই অনুষ্ঠানটোৰ প্ৰতি বা সেই অঞ্চলটোৰ প্ৰতি বা জাতিটোৰ প্ৰতি বিশেষ ভাৱে অৱদান আগবঢ়াই থৈ গৈছে। গুৱাহাটী বিশ্ববিদ্যালয় ৰ প্ৰেক্ষাগৃহটো এজন বিশেষ ব্যক্তিৰ নামেৰে নামাকৰণ কৰা আছে। সেইজন হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা।
১৯০৮ চনৰ ১০ নৱেম্বৰত নগাঁও জিলাৰ পুৰণিগুদামৰ খৰঙীচুক অঞ্চলত বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁ নগাঁৱত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি নগাঁও চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯২৮ চনত কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়। তাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ১৯৩০ চনত প্ৰথম বিভাগত আই এ আৰু ১৯৩২ চনত পালি ভাষাত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৩৪ চনত পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৩৬ চনত বি এল ডিগ্ৰী লাভ কৰে।১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। তেওঁ বীণা বৰুৱা ছদ্মনামেৰে ‘জীৱনৰ বাটত’ আৰু ৰাস্না বৰুৱা ছদ্মনামেৰে ‘সেউজী পাতৰ কাহিনী ‘ উপন্যাস লিখিছিল। ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু ১৯৪৭ চনত অসমৰ সাংস্কৃতিক ইতিহাস বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
তাৰ পিছত তেওঁ অসমলৈ ঘূৰি আহে আৰু কটন কলেজত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰে আৰু তাৰ অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়খনক মনে-প্ৰাণে ভাল পাইছিল আৰু জাকত -জিলিকা কৰি তুলিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হৈছিল আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি থকা ধাউতিৰ বাবেই তেওঁৰ প্ৰতি সন্মান জনাই “বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ” নিৰ্মাণ কৰিছিল।
তেওঁ আৱাহন, জয়ন্তী,সুৰভি, সাহিত্য সভাৰ পত্ৰিকা আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ -পাতি লিখাৰ উপৰিও ৰংঘৰ আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিস্থাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল। তেওঁ কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত জাতকমালা, চুইজাৰলেণ্ড ভ্ৰমণ, পুৰণি অসমীয়া কথা সাহিত্য,এবেলাৰ নাট, অসমীয়া ভাষা আৰু সাহিত্য,ভাৰত বুৰঞ্জী আদি।১৯৬৪ চনত ‘অসমৰ লোক সংস্কৃতি’ নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এইজনা মহান ইতিহাসবিদ, ভাষাবিদ, লোক সংস্কৃতিৰ গৱেষকৰ ১৯৬৪ চনৰ ৩০ মাৰ্চত গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে ।