লোক-বিশ্বাসত বৰষুণ
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
বেদত ইন্দ্ৰ বৰষুণৰ দেৱতা।বৃত্ৰ নামৰ মেঘক দানৱে আচ্ছন্ন কৰি ৰাখিছিল।ঋকবেদত বৃত্ৰক শত্ৰু,অমিত্ৰ,অৰি,ৰিপু,দস্যু,বু লি বৰ্ণনা কৰিছে।ইন্দ্ৰই মৰুৎ সকলৰ সহায়ত বজ্ৰৰে বৃত্ৰক বধ কৰি পৃথিৱীত বৃষ্টিপাত কৰায়।মানৱসভ্যতাৰ বুৰঞ্জীত যিদিনাই কৃষ্টিৰ কঠিয়া গজিছিল,সেইদিনাই মানুহে বৰষুণ বিচাৰিছিল।মানুহে যেতিয়াই বৰষুণ বিচাৰিছিল পোৱা নাছিল,তেতিয়াই বৰষুণৰ প্ৰয়োজন নহ’লেও ধাৰাসাৰে একেৰাহে বৰষুণ দিছিল।সেইবাবে মানুহে পৰৱৰ্তী সময়ত বৰষুণক অধিদৈৱিক শক্তি বুলি বিবেচনা কৰিছিল।পানী জীয়াই থকাৰ অপৰিহাৰ্য সম্বল।বৃষ্টিৰ দেৱতা হিচাপে ইন্দ্ৰ দেৱতাৰ প্ৰাধান্য টুটি আহিলেও শেষ হোৱা নাই।আনকি,লোক-বিশ্বাসেও ইন্দ্ৰদেৱতাৰ বৃষ্টি শক্তিৰ স্বীকৃতি দিয়ে।বৰষুণ নহ’লে অসমত অসমীয়া মানুহে ভেকুলী বিয়া পাতে।বিশ্বাস কৰে যে ভেকুলী বিয়া পাতিলে বৰষুণ দিয়ে বুলি।চুকৰ ভেকুলীয়ে টোৰ্টোৰালেও বৰষুণ আহে বুলি বিশ্বাস কৰে।আদিম কৃষিজীৱী মানুহে ইন্দ্ৰদেৱতা আৰু ভেকুলীৰ মাজত এক সম্বন্ধৰ উমান পাইছিল।ভেকুলীৰ বিয়ালৈ ইন্দ্ৰদেৱতা আহে।
ভেকুলীৰ মূৰৰে জলঙা পাগুৰি
ভেকুলীৰ হাতৰে খাৰু;
ভেকুলীক বিচাৰি ইন্দ্ৰ আহিলে
দেখুৱাই নিদিবা কেৱে,
ভাৰতৰ কোনো কোনো ঠাইত বৃষ্টি নহ’লে উলঙ্গ হৈ পথাৰত চিঞৰি ফুৰাৰ নিয়ম আছে।বেলুচিস্তানত অনাবৃষ্টি হ’লে মুখিয়ালজনে নিজৰ ৰাজকীয় সাজ সোলোকাই থৈ খেতিয়কৰ সাজ পৰিধান কৰি নাঙল-যুঁৱলিৰ সৈতে এহাল গৰু পথাৰেদি খেদি লৈ যায়।আহমেদাবাদত অনাবৃষ্টি হ’লে বৰষুণ বিচাৰি ইন্দ্ৰৰ নামত গাখীৰ ছটিয়ায়।নেপালৰ নেৱাৰ সকলে পুখুৰীত ভেকুলী পূজা কৰে।উত্তৰ বঙ্গৰ কিছুমান ঠাইত বৰষুণ বিচাৰি পাঁচঘৰ মানুহৰ পৰা পানী তুলি এটা পাত্ৰত থৈ তাতে ভেকুলী এটা মেলি দিয়ে।অসমতো বৰষুণ বিচাৰি অনাবৃষ্টিৰ ফলত কিছুমান কাম কৰে।বেলিমখীয়া ঢেঁকী চুৰ কৰি খাল,বিল আদিত ওপৰলৈমূকৈ পুতি থয়।বামতে ঠোহা,চেপা পাতে।কাঁহী বজাই,ৰামধেনু বজাই,পথাৰত নাঙল,মৈ আদি পুতি থয়।চ’ত মাহৰ প্ৰথম দিনটোৰ বাৰ অনুযায়ীও পাছৰ বছৰৰ ৰ’দ বৰষুণ নিৰ্ধাৰণ কৰিব পাৰি।
ফাগুণ শেষ,চৈত্ৰ প্ৰৱেশ হয় যি যি বাৰ
ৰবি শোষে,সোমে বৰিষে,মঙ্গলে ধূলি আন্ধাৰ।
বুধস বৃহস্পতি শুক্ৰে ধৰা নধৰে শস্য ভাৰ।
যদি হোৱে সেইদিনা শনিবাৰ।
শস্য হানি হোৱে,প্ৰজা ক্ষয়ঙ্কৰ।।
অসমত অতিবৃষ্টিৰ পৰিমাণ সৰহ হ’লেও বৰষুণ এৰিবলৈ তেনে কোনো অনুষ্ঠান পতাৰ উদাহৰণ নাই।সৰু ল’ৰাই “ৰ’দালি এ ৰ’দ দে,আলি কাটি জালি দিম,বৰপীৰা পাৰি দিম” বুলি নিবেদন কৰাৰ বাহিৰে অন্য তেনে কোনো গীত বা মন্ত্ৰ নাই।কিন্তু ‘হ্ৰী হ্ৰী হ্ৰী’ এই তিনি অক্ষৰীয় মন্ত্ৰটো অষ্টোত্তৰশত বৃষ্টি হয় বুলি ‘কামৰত্ন তন্ত্ৰ’ত বিশ্বাস আছে।বৰষুণ বন্ধ কৰিবৰ কাৰণে ভাৰতৰ অন্য ঠাইত কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদাহৰণ আছে।উত্তৰ প্ৰদেশত অতিবৃষ্টি হ’লে সাগৰ শোষক অগস্ত্য ঋষিৰ নাম কাপোৰত লিখি বৰষুণত থৈ দিয়ে বা মানুহৰ ঘৰৰ বেৰত নাম লিখি দিয়ে।কোনো কোনো ঠাইত আকাশত ডাৱৰ দেখিলে মাখনেৰে এগছি চাকি জ্বলাই বাহিৰত থৈ দিয়ে।এই পবিত্ৰ চাকিগছি নিৰ্বাপিত হোৱাৰ ভয়ত ডাৱৰ আঁতৰি যায়।পঞ্জাৱত এগৰাকী কুমাৰী ছোৱালীয়ে তেল ছটিয়ায়।মিৰ্জাপুৰত একৈশজন এটা চকু কণা মানুহে একৈশটা গাঁথি দি বৰষুণ বান্ধে।বেলুচিস্তানত জুইত এমুঠি নিমখ ছটিয়ায়।আগৰ বছৰৰ বৰষুণ চাই পাছৰ বছৰৰ বৰষুণ নিৰ্ধাৰণৰ ব্যৱস্থাও ডাকৰ বচনত আছে।মাঘৰ বিহু যদি শনি বা মঙ্গলবাৰে আৰম্ভ হয় তেতিয়া পাছৰ বছৰ দোকোল-টকা বানপানী হয়।
পুহৰ বিষু যেই বাৰে।
ৰবিৰ সুত মঙ্গলবাৰে।।
সুখ দ্বিগুণ তিনিগুণ বান।
এইবাৰ গ’ল মাটি বান।।
দেশ-বিদেশৰ লগতে আমাৰ অসমতো বৰষুণক লৈ বহু লোক-বিশ্বাস কৰা হয়।বৰষুণেও লোক-বিশ্বাসৰ ভঁৰাল চহকী কৰি তুলিছে বুলি ক’ব পাৰি।মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা বিজ্ঞানৰ বিকাশৰ দিনলৈকে বৰষুণে অধিদৈৱিক শক্তিৰ দৰে কাম কৰি আহিছে।কৃষিৰ লগত বৰষুণৰ প্ৰয়োজনীয়তা আছে বাবেই কৃষিৰ সঁজুলিবোৰৰ লগতো বৰষুণৰ অলেখ কাহিনী সন্নিৱিষ্ট হৈ আছে।