লোক নিৰ্মাণ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰলোকপ্ৰাপ্তি

PC - Unsplash

লোক নিৰ্মাণ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰলোকপ্ৰাপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  লোক নিৰ্মাণ বিভাগ, ৰাজধানী নিৰ্মাণ গৃহ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত চতুর্থ বৰ্গৰ কৰ্মচাৰী মুন্না ওজাৰ যোৱা ১৩ অক্টোবৰ, ২০২২ (বৃহস্পতিবাৰ) তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। আজি লোক নিৰ্মাণ বিভাগ, ৰাজধানী নির্মাণ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীবৃন্দই কাৰ্যালয় চৌহদত সমবেত হৈ এক মিনিট সময়ৰ বাবে মৌনতা অবলম্বন কৰি মৃতকৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাই তেখেতৰ বিদেহ আত্মাৰ সদ্‌গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।