লোকে লোকাৰণ্য নামনি মাজুলীৰ মহৰীচুকৰ প:ৰাগ উৎসৱ: মিচিং জনগোষ্ঠীৰ জাতীয় সংস্কৃতিৰে উখল- মাখল মলুৱাল মহৰীচুক ক্ষেত্ৰ

লোকে লোকাৰণ্য নামনি মাজুলীৰ মহৰীচুকৰ প:ৰাগ উৎসৱ: মিচিং জনগোষ্ঠীৰ জাতীয় সংস্কৃতিৰে উখল- মাখল মলুৱাল মহৰীচুক ক্ষেত্ৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মিচিং জনগোষ্ঠীৰ জাতীয় কৃষ্টি সংস্কৃতিৰ সামূহিক প্ৰদৰ্শন আৰু জাতীয় লোক পৰম্পৰাৰে আজি সমৃদ্ধ হৈ পৰিল নামনি মাজুলীৰ মলুৱাল মহৰীচুকৰ মিমবিৰ য়া:মে প:ৰাগ উৎসৱ। কালিৰ পৰা মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা প:ৰাগ উৎসৱ আজি লোকে লোকাৰণ্য হৈ পৰে। মলুৱাল মহৰীচুকৰ প:ৰাগ উৎসৱ ক্ষেত্ৰ আজি বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। প:ৰাগ উৎসৱৰ দ্বিতীয় দিনা মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ৰাইজৰ লগতে মলুৱাল মহৰীচুকৰ বহুতো প্ৰজন্মৰ জী -জোঁৱাই, বোৱাৰী, নাতি- নাতিনী আদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প:ৰাগ উৎসৱত উপস্থিত হয় আৰু মিচিং লোক পৰম্পৰাৰে মিবুৰ লগতে আন বিষয়ববীয়াসকলৰ আৰ্শীবাদ গ্ৰহণ কৰে।  প:ৰাগ উৎসৱৰ আজি দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰপিছত মুৰং ঘৰৰ চোতালত শ শ মিচিং যুৱতীয়ে গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে আৰু উক্ত গুমৰাগ নৃত্যৰ মাজে মাজে ” এগ মান্নাম” অথাৎ প:ৰাগ উৎসৱৰ বাবে উপাস্য দেৱতাক পূজা কৰি গাহৰি নিধন অথবা এগ মান্নাম কৰা হয়। উক্ত এগ মান্নাম অনুষ্ঠানটো সম্পূৰ্ণ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰে কৰা হয়। তাৰপিছত মলুৱাল মহৰীচুকৰ শ শ  জী – জোৱাইয়ে মিবুৰ আৰ্শীবাদ গ্ৰহণ কৰে। পুৱা দহ বজাত উক্ত প:ৰাগ উৎসৱৰ বাবে আমন্ত্ৰিত ” নলদোৱাৰ” আৰু “ওখলচুক “কৃষ্টি দলক আনুষ্ঠানিকভাৱে আদৰণী জনোৱা হয়। তাৰপিছত উক্ত আমন্ত্ৰিত কৃষ্টি দলে সামূহিক নৃত্য পৰিৱেশন কৰি উৎসৱথলী মুখৰ কৰি তোলে। দুপৰীয়া এঘাৰ বজাৰ পৰা প:ৰাগ উৎসৱৰ বাবে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উক্ত স্মৃতি গ্ৰন্থ উন্মোচন অনুষ্ঠানটো  মহৰীচুক গাঁৱৰ শিল্পী বৃন্দয়ে পৰিৱেশন কৰা সমবেত সংগীতৰে শুভাৰম্ভ কৰা হয় ।  বৃহৎ সভাখনৰ আঁত ধৰে মাজুলী জিলা টি এম পি কে’ৰ সাধাৰণ সম্পাদক হেমন্ত মিলিয়ে। উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মাজুলী জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দিতিমণি পেগু, নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুশল হাজৰিকা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উমা পাঠৰী, অসম চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী আয়ুক্ত  ৰত্নেশ্বৰ দলে, শিৱসাগৰ জিলাৰ কৰ পৰিদৰ্শক প্ৰসন্ন টায়ুং, স্মৃতি গ্ৰন্থৰ প্ৰকাশক বাছাৰাম দলে, স্থানীয় চি আৰ চি মুকুল মূদৈ, মহৰিচুক হাইস্কুলৰ প্ৰধান শিক্ষক অনিল শইকীয়া, স্থানীয় প্ৰধান শিক্ষক বিনোদ হাজৰিকা, উপেন শইকীয়া, অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া উমাকান্ত দলে, কৰতিপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক নিলোৎপল হাজৰিকা, টি এম পি কে’ৰ কৰতিপাৰ আঞ্চলিক সমিতিৰ সভাপতি পলাশ পেগু, উদযাপন সমিতিৰ সভাপতি ভৱেশ মিছং, সাংবাদিক যদু কলিতাই অংশগ্ৰহণ কৰে।  অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি ভৱেশ মিছঙে।‌ হেজাৰ হেজাৰ ৰাইজে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত মৃমবিৰ য়া:মে পৰাগ উৎসৱৰ কেশৱ দলে সম্পাদিত স্মৃতিগ্ৰন্থ ” মৃমবৃৰ য়া:মে” উন্মোচন কৰে বিশিষ্ট লোক শিল্পী, লেখক , সমাজকৰ্মী অমিয় কুমাৰ চিৰাঙে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে স্মৃতিগ্ৰন্থৰ সম্পাদক কেশৱ দলেয়ে। নিজৰ উন্মোচনী ভাষনত উন্মোচক অমিয় কুমাৰ চিৰাঙে কয় ” পৰাগ উৎসৱ কেৱল উৎসৱ নহয়, এই উৎসৱ মিচিং জনগোষ্ঠীৰ স্বকীয় পৰিচয়। পৌৰাণিক লোক পৰম্পৰা আৰু ধৰ্মীয় ৰীতি নীতিৰে পৰিচালিত পৰাগ উৎসৱত সকলো যুৱক -যুৱতী, জী,জোৱাই, বোৱাৰী অংশ লৈ সম্প্ৰতিৰ এক উৎসৱলৈ পৰিনত বুলি উল্লেখ কৰে। উদ্বোধক অমিয় কুমাৰ চিৰাঙে এটা ঐনিতম পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। উক্ত, গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক বাছাৰাম দলেৰ, “ঐশ্বৰ্যময় জীৱন” আৰু “ডায়েৰি” নামৰ দুখন গ্ৰন্থ “উন্মোচন কৰে কৰতিপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক নিলোৎপল হাজৰিকাই । উক্ত, গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে লেখক ৰত্নেশ্বৰ দলেৰ গ্ৰন্থ “মহৰীচুক গাঁৱৰ বংশাৱলী” উন্মোচন কৰে নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ কুশল হাজৰিকাই। উক্ত উন্মোচনী অনুষ্ঠানত  মিচিং বানে কেবাঙৰ উপ –  সভাপতি ৰঞ্জিত দলে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, কৰতিপাৰ সমবায় সমিতিৰ সভাপতি ভাইটি কুলি, অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেন লেখাৰুৱে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে। ইয়াৰ পাছতে মুকলি মঞ্চত নলদোৱাৰ কৃষ্টি দল, ওখলচুক কৃষ্টি দল, লাচন চাপৰি কৃষ্টি দল, নতুন মহৰিচুক বোৱাৰী সাংস্কৃতিক দল আদিয়ে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰে। প:ৰাগ উৎসৱৰ মঞ্চ আৰু মুৰং ঘৰৰ চোতালত একেলগে কৃষ্টি দল সমূহে ধাৰাবাহিকভাৱে গুমৰাগ, নৃত্য লত্তা ছ মান আদি পৰিৱেশন কৰি অনুষ্ঠানটো উৎসৱ মুখৰ কৰি তোলে।  উক্ত  মলুৱাল মহৰীচুকৰ প:ৰাগ উৎসৱৰ বাকৰিত সুদৃশ্য আদৰণী তোৰণ, ছেলফী কেন্দ্ৰ, সুদৃশ্য মুৰং ঘৰ, বৃহৎ ভোজনালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উৎসৱ থলীত হেজাৰ হেজাৰ ৰাইজে মিবুৰ আৰ্শীবাদ লৈ সমূহীয়া ভোজ ভাত খাই। আজি সন্ধিয়া প:ৰাগ উৎসৱৰ প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মাজুলীৰ বিশিষ্ট চিকিৎসক ডা০ নীলকান্ত পেগুয়ে। সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে বিশিষ্ট শিল্পী চন্দ্ৰ কুমাৰ পাটগিৰি, ৰূপালী টায়ুঙে গীত পৰিৱেশন কৰে।
বৃহৎ মেলা:
উক্ত মলুৱাল মহৰীচুক প:ৰাগ উৎসৱ ক্ষেত্ৰত বৃহৎ মেলা অনুষ্ঠিত হৈছে। অসংখ্য দোকান বজাৰ, মেলাৰ খেল আদিয়ে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প:ৰাগ উৎসৱৰ কাইলৈ জী – জোঁৱাইসকলৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।