লোকসভা নিৰ্বাচনৰ বাবে ৪৭ জন প্ৰাৰ্থীয়ে আবেদন

Pc Danewsplus.com

লোকসভা নিৰ্বাচনৰ বাবে ৪৭ জন প্ৰাৰ্থীয়ে আবেদন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে ৪৭ জন প্ৰাৰ্থীয়ে আজিৰ তাৰিখলৈকে আবেদন সংগ্ৰহ কৰিছে। ইতিমধ্যে ৰাজীৱ ভৱনত ১৫ ডিচেম্বৰলৈকে ১১ জন প্ৰাৰ্থীয়ে তেওঁলোকৰ আবেদন পত্ৰ জমা দিছে।  আবেদন পত্ৰ জমা দিয়াসকলৰ ভিতৰত আছে বৰপেটাৰ বাবে মঞ্জুশ্ৰী পাঠক আৰু ববিতা শৰ্মা, যোৰহাট কৃষ্ণা গগৈ, দৰং ওদালগুৰি মাধৱ ৰাজবংশী, ধুবুৰীৰ বাবে অমৃত বাগছা, আব্দুল হামিদ, শোণিতপুৰ অভিজিৎ হাজৰিকা, কৰিমগঞ্জ আমিনুৰ ৰচিদ চৌধুৰী, নাজিয়া য়াছমিন মজুমদাৰ আৰু ডিব্ৰুগড়ৰ বাবে ৰাজকুমাৰ নীলনেত্ৰ নেওগ আৰু নগাঁৱৰ বাবে হৰেছা খানম। ইফালে ৪৭ জন আবেদনকাৰীৰ ভিতৰত আজি দৰং-ওদালগুৰিৰ বাবে প্ৰবীণ বড়ো, যোৰহাটৰ বাবে ৰামান্না বৰুৱা, বৰপেটাৰ বাবে আব্দুছ ছোভান আৰু ধুবুৰীৰ বাবে ছাজিদ হুছেইনে আবেদন সংগ্ৰহ কৰে।