লোকসভা নিৰ্বাচনৰ পূৰ্বে পাঁচ শতাধিক মহিলাৰ অসম তৃণমূল মহিলা কংগ্ৰেছত যোগদান

লোকসভা নিৰ্বাচনৰ পূৰ্বে পাঁচ শতাধিক মহিলাৰ অসম তৃণমূল মহিলা কংগ্ৰেছত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তৃণমূল মহিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা মহিলা অভিৱৰ্তন আৰু বিশাল যোগদান সমাৰোহ মহানগৰৰ ৰুক্মিণীনগৰ বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সৰ্বভাৰতীয় তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী আৰু পশ্চিমবংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়নী ঘোষ মুখ্য অতিথি ৰূপে উপস্থিত থাকে অনুষ্ঠানটিত । উক্ত অনুষ্ঠানটিত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু সৰ্বভাৰতীয় তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী সায়নী ঘোষৰ উপস্থিতিত প্ৰায় পাঁচ শতাধিক মহিলাই যোগদান কৰে তৃণমূল কংগ্ৰেছত। পূৰ্বৰে পৰা অসম তৃণমূল মহিলা কংগ্ৰেছে অসমৰ মহিলা সকলৰ কল্যাণ, সুৰক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজিৰ মহিলা অভিৱৰ্তনৰ মুল উদ্দেশ্য আছিল, অসমৰ প্ৰত্যেক গৰাকী মহিলাক ৰাজনৈতিক আৰু সামাজিকভাৱে আগবঢ়াই নিয়া আৰু দেশৰ গনতন্ত্ৰত সমান অধিকাৰ প্ৰদান কৰা। উক্ত অনুষ্ঠানত পশ্চিম বংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়নী ঘোষে প্ৰত্যেক গৰাকী মহিলাক দেশৰ গনতন্ত্ৰত তেওঁলোকৰ অৱদান আৰু ৰাজনীতিত মহিলাৰ প্ৰয়োজনীয়তা সেই সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ লগে লগে বিজেপি চৰকাৰ আৰু তেওঁলোকৰ সমাজ বিৰোধী কাৰ্য্যকলাপৰ বিৰুদ্ধেও কঠোৰ সমালোচনা কৰা দেখা গ’ল নেত্ৰী গৰাকীক ।অনুষ্ঠানৰ আৰম্ভণিতেই বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে সৰ্বভাৰতীয় তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী সায়নী ঘোষক আদৰি অনা হয়। অনুষ্ঠানটিত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।