লোকসভাৰ দৰে ৰাজ্যসভাতো গৃহীত ৱাক্ফ সংশোধনী বিধেয়ক
ৰঙিলী বাৰ্ত্তাসেৱা- শাসক আৰু বিৰোধীৰ তীব্ৰ বাকযুদ্ধৰ অন্তত বুধবাৰে মাজনিশা বহুচর্চিত ৱাক্ফ সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাজ্যসভাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বিতৰ্ক শুকুৰবাৰে অন্ত পৰে আৰু নিশা ২.৩৩ বজাত ভোটৰ ব্যৱধানত এই বিধেয়ক গৃহীত কৰা হয়।এতিয়া মাত্র এই বিধেয়কখন আইনত পৰিণত হ’বলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ স্বাক্ষৰৰ অপেক্ষাত আছে। ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেই সলনি হৈ যাব ৭০ বছৰীয়া পুৰণি আইন। ১৯৫৪ চনৰ আইনক সংশোধন কৰি ১৯৯৫ চনত ৱাক্ফ ব’ৰ্ডৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছিল চৰকাৰে। কিন্তু ৩০ বছৰ পাছত যি সংশোধনত ভাৰতীয় সংসদে অনুমোদন জনালে তাৰ ফলত ব’ৰ্ডৰ ক্ষমতা আৰু কাৰ্যকাৰিতা যথেষ্ট হ্রাস পাব। লক্ষণীয়ভাৱে বিৰোধী দলসমূহে এই বিধেয়ক সংসদৰ উভয় সদনত গৃহীত হোৱাৰ পাছতো ইয়াক লৈ তীব্র অসন্তুষ্টি প্ৰদৰ্শন কৰি আছে। বিৰোধী দলসমূহে দাবী কৰিছে যে ৱাক্ফ আইনৰ এই সংশোধনে ৱাক্ফ ব’ৰ্ডৰ ক্ষমতাক নজিৰবিহীনভাৱে খর্ব কৰিব। উল্লেখনীয় যে সমস্ত বিতৰ্কৰ মাজতে বৃহস্পতিবাৰ নিশা ২.১৯ বজাত বিধেয়কখনক লৈ ভোট প্ৰক্ৰিয়া আৰম্ভ হয়। বিধেয়কখনৰ সপক্ষত ১২৮গৰাকী সাংসদে ভোটদান কৰাৰ বিপৰীতে ৯৫গৰাকীয়ে বিপক্ষে ভোটদান কৰিছে। ৩৩টা ভোটৰ ব্যৱধানত বিধেয়কখন গৃহীত হয় ৰাজ্যসভাত। উল্লেখনীয় যে এই বিধেয়কখনক লৈ ৰাজ্যসভাত ১২ ঘণ্টাতকৈও বেছি সময় বিতর্ক চলে। ইফালে বিধেয়ক গৃহীত হ’লেও ইয়াক উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাব বুলি হুংকাৰ দিছে বিৰোধী কংগ্রেছ, ডিএমকে আদি দলে। ইফালে, এই বিধেয়কখনক সমর্থন জনোৱা বাবে এনডিএৰ অংশীদাৰ দল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিইউত ভাঙোন আৰম্ভ হৈছে। ইতিমধ্যে দুগৰাকী সাংসদে জেডিইউ ত্যাগ কৰিছে। দলটোৰ কেইবাগৰাকীও বিধায়কে শীঘ্ৰে পদত্যাগ কৰিব বুলিও হুংকাৰ দিছে। মুখ্যমন্ত্রী নীতিশ কুমাৰে পূৰ্বৰ অৱস্থান সলনি কৰি বিধেয়কখনক সমর্থন জনোৱা বুলি দলৰ অভ্যন্তৰত সৃষ্টি হৈছে তীব্র মতানৈক্য। বিৰোধীয়ে বিধেয়কখনক লৈ এই অসন্তুষ্টি প্রকাশ কৰিলেও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াক এক অভূতপূর্ব মুহূর্ত বুলি অভিহিত কৰিছে। সংসদৰ উভয় সদনত ৱাক্ফ (সংশোধনী) বিধেয়ক গৃহীত হোৱা বিষয়টোক আর্থ-সামাজিক ন্যায় বিচাৰৰ লক্ষ্যত অভূতপূর্ব মুহূর্ত বুলি আখ্যা দিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত যোগদান কৰিবলৈ থাইলেণ্ডলৈ যোৱা প্রধানমন্ত্রী মোদীয়েপুৱা বেংককৰ পৰাই ছ’চিয়েল মিডিয়াত ৱাক্ফ (সংশোধনী) বিধেয়কক লৈ এটা পোষ্ট দিয়ে। বাক্ফ (সংশোধনী) বিধেয়কক লৈ মতামত জনোৱাৰ বাবে সকলো সাংসদ আৰু দেশৰ অগণিত মানুহক ধন্যবাদ জ্ঞাপন কৰে প্রধানমন্ত্রী মোদীয়ে। প্রধানমন্ত্রীয়ে এই কথাও উল্লেখ কৰে যে যিসকল দীর্ঘদিন ধৰি বঞ্চিত হৈ আছিল, ৱাক্ফ সম্পর্কীয় নতুন আইনে তেওঁলোকক সহায় কৰিব। বিধেয়কখন সন্দর্ভত যৌথ সংসদীয় কমিটীক গুৰুত্বপূৰ্ণ মতামত দিছিল সাংসদ তথা সাধাৰণ জনতাই। বিস্তাৰিত আলোচনা আৰু বিতৰ্কৰ প্ৰয়োজনীয়তা আকৌ এবাৰ প্ৰমাণ হোৱা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাও কয় যে ব্রাক্ফ ব্যৱস্থা আৰু স্বচ্ছতাৰ অভাৱ কাৰ্যতঃ সমার্থক আছিল। এই কাৰণে মুছলমান মহিলা, গৰিব তথা অতি দুখীয়া মুছলমানসকলৰ স্বাৰ্থ ক্ষতিগ্রস্ত হৈছিল। সংসদত গৃহীত হোৱা বিধেয়কে স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব বুলিও মোদীয়ে মন্তব্য কৰে।