লোকসভাত তিনিখন ঐতিহাসিক বিধেয়ক উত্থাপন গৃহমন্ত্রী অমিত শ্বাহৰ

লোকসভাত তিনিখন ঐতিহাসিক বিধেয়ক উত্থাপন গৃহমন্ত্রী অমিত শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৰুতৰ অপৰাধত জড়িত কোনো প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্ৰীয়ে যাতে নিজৰ পদৰ বাবে সাংবিধানিক ৰক্ষাকৱচ নাপায় তাৰ উদ্দেশ্যে লোকসভাত উত্থাপিত হয় তিনিখন বিধেয়ক। বিৰোধীৰ তীব্র আপত্তিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৰুতৰ অপৰাধত একেৰাহে ৩০ দিন কাৰাগাৰত থকা প্রধানমন্ত্রী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক অপসাৰণৰ বিধেয়ক তিনিখন লোকসভাত দাখিল কৰে। মূলতঃ সংবিধান সংশোধনৰ লক্ষ্যৰে দাখিল কৰা হয়। এই তিনি বিধেয়ক গৃহমন্ত্রী শ্বাহে লোকসভাত দাখিল কৰা তিনি গুৰুত্বপূৰ্ণ বিধেয়ক হৈছে- কেন্দ্রীয়শাসিত অঞ্চল প্রশাসন (সংশোধনী) বিধেয়ক ২০২৫, সংবিধান (১৩০সংখ্যক সংশোধনী) বিধেয়ক ২০২৫ আৰু জম্মু-কাশ্মীৰ পুনৰ বিন্যাস (সংশোধনী বিধেয়ক ২০২৫)। নিম্ন সদনত বিৰোধীৰ তীব্র আপত্তিৰ মাজতে গৃহমন্ত্রী শ্বাহে বিধেয়ক তিনিখন দাখিল কৰাৰ পাছতে বিৰোধী ইণ্ডিজোঁটৰ সাংসদসকলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে শ্বাহে দাখিল কৰা তিনি বিধেয়কৰ প্রতিলিপি ফালি দলিয়াই দিয়ে। বিধেয়কত সন্নিৱিষ্ট কৰা অনুসৰি গুৰুতৰ অপৰাধমূলক গোচৰত কোনো প্রধানমন্ত্রী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে যদি একেৰাহে ৩০ দিন কাৰাবাসত কটাবলগীয়া হয়, তেন্তে প্রধানমন্ত্রী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক অপসাৰণ কৰা হ’ব। ৩০ দিনৰ মূৰকত যদি প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্ৰীয়ে পদ এৰি নিদিয়ে, তেতিয়াহ’লে ঊর্ধ্বতন কর্তৃপক্ষই অপসাৰণ কৰিব। প্ৰধানমন্ত্ৰীক অপসাৰণ কৰিব ৰাষ্ট্ৰপতিয়ে, মুখ্যমন্ত্ৰীক অপসাৰণ কৰিব ৰাজ্যপালে আৰু মন্ত্ৰীক অপসাৰণ কৰিব মুখ্যমন্ত্রীয়ে। গৃহমন্ত্রী শ্বাহে বিধেয়ক তিনিখন দাখিল কৰি বক্তব্য আগবঢ়াই থকা সময়ত সদনত বিৰোধীয়ে ফালি পেলাই বিধেয়কৰ প্ৰতিলিপি। বিতর্কিত তিনি বিধেয়ক গৃহমন্ত্রী শ্বাহে উত্থাপন কৰাৰ পাছতে যুটীয়া সংসদীয় কমিটী জেপিচিলৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিম্ন সদনত দাখিল কৰা তিনি বিধেয়কক লৈ বিৰোধীয়ে তীব্র আপত্তি দর্শাইছে। ইণ্ডিজোঁটে অভিযোগ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে বিৰোধীশাসিত নিৰ্বাচিত চৰকাৰক পতন ঘটোৱাৰ ষড়যন্ত্ৰৰে এই বিধেয়ক দাখিল কৰা হৈছে। বিৰোধী ইণ্ডিজোঁটে এই বিধেয়কক হিটলাৰী শাসনৰ স্বৰূপ বুলি অভিযোগ কৰিছে। বিধেয়ক দাখিল কৰি গৃহমন্ত্রী শ্বাহে যুক্তি প্রদর্শন কৰি কয় যে কোনো গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কিম্বা জিম্মাত থকা মন্ত্রীয়ে সাংবিধানিক দায়িত্ব আৰু সু-শাসনৰ নীতিত পদ এৰিব লাগে যদিও সাংবিধানিক ৰক্ষাকৱচৰ দোহাই সেই পদবীত বাহাল থাকে। পৰিণতিত সংবিধানৰ প্ৰতি আস্থা জনসাধাৰণৰ হ্রাস পায়। এনে পৰিপ্ৰেক্ষিততে গুৰুতৰ অপৰাধত জড়িত মন্ত্রী গ্ৰেপ্তাৰ হৈ ৩০ দিন কাৰাগাৰত থাকিলে তেনে মন্ত্ৰীৰ অপসাৰণৰ বাবেই এই বিধেয়ক। লক্ষণীয় যে পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনার্জীয়ে এই বিধেয়কক ছুপাৰ ইমার্জেঞ্চী বলৱৎ কৰাৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰে চলাইছে বুলি অভিযোগ কৰে। দেশৰ গণতান্ত্রিক কাঠামোক ভাঙি দিয়াৰ বাবে মোদী চৰকাৰৰ এই তিনি বিধেয়ক। ভাৰতীয় গণতন্ত্ৰৰ ওপৰত হিটলাৰোচিত আঘাত হনা বুলি অভিযোগ কৰে বেনাৰ্জীয়ে।