লোকসভাত জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী সাংসদ গৌৰৱ গগৈৰ
গৌৰৱ গগৈৰ প্ৰশ্নঃ চৰকাৰী অনুষ্ঠানলৈ নি প্ৰাণৰ শিল্পীগৰাকীক বিদেশৰ মাটিত কোনে হত্যা কৰিলে?
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী তুলিলে সাংসদ গৌৰৱ গগৈয়ে। সংসদৰ চলিত শীতকালীন অধিৱেশনত আজি এই দাবী উত্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, লোকসভাৰ বিৰোধী উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে। জুবিন গাৰ্গ এগৰাকী মহান শিল্পীৰ লগতে পৰিৱেশবিদ, বন্যপ্ৰাণীপ্ৰেমী, প্ৰচুৰ অধ্যয়নশীল আৰু মানৱতাবাদী আছিল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, ”নব্বৈৰ দশকত মহান শিল্পী জুবিন গাৰ্গে গীত আৰু সুৰেৰে সমগ্ৰ অসমবাসীৰ মাজত অশাৰ সঞ্চাৰ কৰিছিল। পৰৱৰ্তী সময়ত জুবিন গাৰ্গে অসম আৰু অসমবাসীক নৈতিক সাহস দিয়াৰ লগতে জাতিৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছিল।’’ অসমৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিব লাগিবই বুলিও সংসদত দাবী উত্থাপন কৰে সাংসদগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয়, ”বিদেশ মন্ত্ৰণালয় আৰু ছিংগাপুৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আয়োজন কৰা অনুষ্ঠানলৈ আমন্ত্ৰিত হৈ গৈছিল জুবিন। আৰু তাতে তেওঁৰ ৰহস্যজনক মৃত্যু হয়।’’ মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিহিত কৰাৰ প্ৰসংগ উত্থাপন কৰি নিম্ন সদনত গৌৰৱ গগৈয়ে চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰে, ”কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিদেশৰ মাটিত কোনে হত্যা কৰিলে?’’ গগৈয়ে আৰু কয় যে চাহ আৰু এশিঙীয়া গঁড়ৰ লগতে জুবিন গাৰ্গ অসমৰ পৰিচয়। ”জুবিন গাৰ্গে গীতেৰে ব্যক্তিগত জীৱনৰ দুখ-হুমুনিয়াহৰ পৰা পৰিত্ৰাণ পোৱাৰ মন্ত্ৰ দিয়াৰ উপৰিও জাতি-ধৰ্মক লৈ সমাজখনক ভাগ ভাগ নহ’বলৈকো শিকাইছিল। জুবিন গাৰ্গে এখন ভয়মুক্ত, ঘৃণামুক্ত শান্তিৰে ভৰপূৰ মিলাপ্ৰীতিৰ বৰ অসম গঢ়াৰ সপোন দেখিছিল। জুবিন গাৰ্গ কাঞ্চনজংঘা আছিল আৰু সদায়েই কাঞ্চনজংঘা হৈয়েই থাকিব।’’-প্ৰাণৰ শিল্পীগৰাকীক ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰি এইদৰে কয় গৌৰৱ গগৈয়ে।
