লোকসভাত ‘এক দেশ এক নির্বাচন’ বিধেয়ক দাখিল

লোকসভাত ‘এক দেশ এক নির্বাচন’ বিধেয়ক দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধীৰ আপত্তিৰ মাজতেই লোকসভাত দাখিল কৰা হৈছে ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক।  অৱশ্যে বিৰোধী পক্ষই তোলা ‘ডিভিজন’ৰ দাবীক মানি লৈ ‘এক দেশ এক নির্বাচন’ বিধেয়ক দাখিল কৰা হয় লোকসভাত। বিধেয়কৰ পক্ষত ভোটদান কৰে ২৬৯গৰাকী সাংসদে। আনফালে বিপক্ষে ভোটদান কৰে ১৯৮ গৰাকীয়ে। এই বিষয়টোক লৈ ভোটদান চলাৰ পাছত এঘণ্টা ধৰি স্থগিত ৰখা হয় সংসদৰ কাম-কাজ। বিধেয়ক দাখিলৰ বাবে প্ৰথমতে ইলেক্ট্রনিক ভোটিং মেচিন (ইভিএম) আৰু পাছত বেলট পেপাৰ ব্যৱহাৰ কৰা হয়। আজি প্ৰথমবাৰলৈ নতুন সংসদ ভৱনত ইভিএম ব্যৱহাৰ কৰা হয়। উল্লেখনীয় যে বিৰোধীৰ তীব্র আপত্তিৰ মাজতে লোকসভাত এই বিতর্কিত বিধেয়ক দাখিল কৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় আইন মন্ত্রী অর্জুনৰাম মেঘৱালে এই সম্পর্কীয় ১২৯সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক আৰু কেন্দ্রীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক সংসদৰ নিম্ন কক্ষত উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্রেছ, তৃণমূল কংগ্রেছ (টিএমচি), সমাজবাদী পার্টীসহ বিৰোধী দলসমূহে ‘ডিভিজন’ দাবী উত্থাপন কৰে। এইক্ষেত্রত সংসদীয় বিধি মানি কোনো বিধেয়কক লৈ বিতৰ্কৰ পূৰ্বেই ভোটদান অনুষ্ঠিত কৰিবলগীয়া হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘এক দেশ এক নির্বাচন’ বিধেয়কৰ খচৰা সন্দৰ্ভত সংসদৰ যৌথ কমিটীত আলোচনা বিচাৰে। বিৰোধী সাংসদসকলে অভিযোগ কৰে যে এই বিধেয়কে সংবিধানৰ মূল গাঁথনিত আঘাত হানিব। ইয়াৰ জৰিয়তে একনায়কতন্ত্ৰক প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হৈছে বুলি কেইবাগৰাকীও বিৰোধী সাংসদ সৰৱ হৈ পৰে। স্মর্তব্য যে সংসদৰ অধিৱেশনৰ মাজতে যোৱা ১২ ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্রীসভাই ‘এক দেশ এক নির্বাচন’ সম্পৰ্কীয় কমিটীৰ প্ৰতিবেদনত অনুমোদন জনাইছিল। এই বিষয়টোক লৈ যোৱা বছৰৰ ১ ছেপ্টেম্বৰৰ পৰাই প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে বিভিন্ন দিশ পর্যালোচনা কৰি আছিল। যোৱা ১৪ মাৰ্চত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ ওচৰত একেলগে লোকসভা আৰু সকলো ৰাজ্যৰ বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ৮টা খণ্ডত বিভক্ত ১৮ হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদন কোবিন্দ কমিটীয়ে দাখিল কৰিছিল। স্মৰ্তব্য যে কংগ্রেছ, টিএমচি, সমাজবাদী পার্টীসহ বিৰোধী দলসমূহে পূৰ্বৰে পৰা ‘এক দেশ এক নির্বাচন’ নীতিৰ বিৰোধিতা কৰি আহিছে। বিধেয়ক উত্থাপন হোৱাৰ সময়ত ইণ্ডি জোঁটৰ লগতে অন্য বিৰোধী দলসমূহ সৰৱ হৈ পৰে। ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি এই বিধেয়কখন যৌথ সংসদীয় কমিটী (জেপিচি) লৈ পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হৈছে। যৌথ সংসদীয় কমিটীত এই বিধেয়কখন সন্দর্ভত সর্বাধিক ৩ মাহ সময় ঐক্যমতৰ বাবে পর্যালোচনাৰ সুযোগ থাকিব। প্রয়োজনত যৌথ সংসদীয় কমিটীৰ ম্যাদ বৃদ্ধি কৰি বিধেয়কখনৰ পৰ্যালোচনাৰ সময়সীমা পুনৰ বঢ়াই লোৱা হ’ব পাৰে। লক্ষণীয়ভাৱে ‘এক দেশ এক নির্বাচন’ প্ৰক্ৰিয়াৰ জৰিয়তে লোকসভা, বিধানসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত আৰু পৌৰ নিৰ্বাচনসমূহো ভৱিষ্যতে একেলগে অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলোৱা হ’ব বুলি চৰকাৰৰ সূত্ৰই সদৰী কৰিছে।  বিৰোধী দলসমূহে ৰাজ্য চৰকাৰৰ অধিকাৰক খৰ্ব কৰি এই বিধেয়ক প্ৰণয়নৰ চেষ্টা চলোৱা হৈছে বুলিও অভিযোগ কৰে। ইফালে আইন মন্ত্রী মেঘৱালে ‘এক দেশ এক নির্বাচন’ গৃহীত হ’লেও সংবিধানত কোনো আঘাত নপৰে বুলি ঘোষণা কৰিছে।