লোকসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত অংশ লৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ গৃহমন্ত্ৰী শ্বাহৰ

লোকসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত অংশ লৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ গৃহমন্ত্ৰী শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ আক্ৰমণৰ প্রত্যাঘাত হিচাপে ভাৰতীয় সশস্ত্র সেনাই অপাৰেচন সিন্দূৰেৰে সন্ত্রাসবাদীৰ ঘাটিত নিখুঁত অভিযান চলোৱাৰ প্ৰসংগ উল্লেখেৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিৰোধী কংগ্রেছক তুলাধুনা দিয়ে। সংসদৰ বর্ষাকালীন অধিৱেশনৰ লোকসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটি ভাৰতে সফলতাৰে ধ্বংস কৰা বুলি মন্তব্য কৰে। ৭ মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত ভাৰতে আক্ৰমণ চলোৱা বুলি পাকিস্তানৰ ডিজিএমক অৱগত কৰা বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে এই অপাৰেচনৰ সময়ত ভাৰতীয় সেনাই ১০০তকৈ অধিক সন্ত্রাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছিল বুলি কয়। ইপিনে চিৰাচৰিতভাৱে অপাৰেচন সিন্দূৰক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লয় গৃহমন্ত্রী শ্বাহে। কংগ্ৰেছ দলটোক আক্রমণেৰে তুলাধুনা দি গৃহমন্ত্রী শ্বাহে কংগ্ৰেছৰ ভুলৰ বাবেই পাকিস্তানৰ জন্ম হোৱা বুলি অভিযোগ কৰাই নহয়, কংগ্ৰেছে বিভাজন গ্রহণ নকৰিলে আজি পাকিস্তানৰ স্থিতিয়েই নাথাকিলহেঁতেন বুলি কয়। মনমোহন সিং চৰকাৰৰ কাৰ্যকালত সন্ত্রাসবাদীয়ে আহি দেশৰ নাগৰিকক হত্যা কৰাৰ পাছতো নীৰৱে বহি থকা বুলি সমালোচনা কৰি গৃহমন্ত্রী শ্বাহে তেওঁলোকৰ চৰকাৰে কংগ্ৰেছৰ চৰকাৰৰ অধীনত তেজৰ নৈ বোওৱা সন্ত্রাসবাদীক হত্যা কৰা বুলিও উল্লেখ কৰে। অপাৰেচন সিন্দুৰে পাকিস্তানৰ দুমুখীয়া চৰিত্ৰক উদঙাই দিয়া বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে ভাৰতৰ আক্ৰমণত নিহত সন্ত্রাসবাদীৰ অন্ত্যেষ্টিক্রিয়াত পাকিস্তানী সেনাৰ বিষয়া আৰু আইএছআই বিষয়া উপস্থিত থাকিয়েই দেশখনে নিজৰ দুমুখীয়া স্থিতি স্পষ্ট কৰিছে। সাধাৰণ নাগৰিকক লক্ষ্যৰ বিপৰীতে ভাৰতে সামৰিক প্ৰতিষ্ঠানৰ ওপৰতহে আঘাত হানিছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অপাৰেচন সিন্দুৰক লৈ সশস্ত্র সেনাৰ ভূমিকাক ভূয়সী প্রশংসা কৰে। আনপিনে, কংগ্ৰেছে অপাৰেচন সিন্দূৰক লৈ উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত আক্রমণাত্মক হৈ গৃহমন্ত্রী শ্বাহে কয়- আজি পাক অধিকৃত কাশ্মীৰ বৰ্তি থকাৰ কাৰণ জৱাহৰলাল নেহৰু। ১৯৬০ চনত পাকিস্তানক চৰকাৰে ৮০ শতাংশ পানী দিছিল সিন্ধু জলচুক্তিৰ জৰিয়তে। ১৯৭১ চনত ছিমলা চুক্তিৰ সময়ত কংগ্ৰেছে পিঅ’কেৰ কথা পাহৰি গৈছিল। যদি পিঅ’কে নিজৰ অধীনলৈ আনিলেহেঁতেন তেতিয়াহ’লে আজি সন্ত্রাসবাদীৰ শিবিৰত আক্ৰমণ কৰিবলগীয়া পৰিস্থিতিয়েই নহ’লহেঁতেন। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন গৃহমন্ত্রী চিদাম্বৰমে পাকিস্তানৰ পৰা সন্ত্রাসবাদী আহিছে বুলি প্রমাণ বিচৰা সন্দৰ্ভত গৃহমন্ত্রী শ্বাহে প্রাক্তন গৃহমন্ত্রী চিদাম্বৰমক কঠোৰ ভাষাৰে সমালোচনা কৰে। পাকিস্তানৰ পৰা সন্ত্রাসবাদী অহাটো আমাৰ হাতত প্রমাণ আছে বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কংগ্ৰেছ নেতা চিদাম্বৰমে এই আক্ৰমণত পাকিস্তান জড়িত নহয় বুলি ক্লীনশ্বীট দিব বিচৰাটোক সমালোচনা কৰে। যদি আক্রমণকাৰী পাকিস্তানীয়েই নাছিল, তেতিয়াহ’লে চিদাম্বৰমে পাকিস্তান কিয় আক্ৰমণ কৰিছিল বুলি প্রশ্ন উত্থাপন কৰাৰ যুক্তিয়েই নাই বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে পাকিস্তানক ৰক্ষা কৰিবলৈ কংগ্ৰেছৰ ষড়যন্ত্র ১৪০ কোটি ভাৰতীয়ই নিৰীক্ষণ কৰি আছে।