লোকশিল্পী ৰত্নেশ্বৰ মৰাণক প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ প্ৰদান

লোকশিল্পী ৰত্নেশ্বৰ মৰাণক প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট লোকশিল্পী তথা তিনিচুকীয়াৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰিৰ লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ চলিত বৰ্ষৰ সদৌ অসম ছাত্ৰ সন্থাৰ পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়োৱা হৈছে। চানমাৰিৰ শ্বহীদ উদ্যানত আয়োজিত এক অনুষ্ঠানত সাধকগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয়। বঁটাটোৰ সৈতে এখন গামোচা, এৰী চাদৰ, এটা জেকেট, এখন শৰাই, এখন মানপত্র, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা বঁটাপ্ৰাপক মৰাণলৈ আগবঢ়োৱা হয়। বঁটাটো গ্ৰহণ কৰি বিশিষ্ট লোকশিল্পী ৰত্নেশ্বৰ মৰাণে কয় যে আছুৱে এই বঁটা প্ৰদান কৰি মোৰ দায়িত্ব বৃদ্ধি কৰিলে। মৰাণ জনগোষ্ঠীৰ লগতে অসমৰ লোক-কৃষ্টিবোৰ সকলোৱে সংৰক্ষিত কৰাটো মই বিচাৰোঁ। আমি পৰম্পৰাবোৰ জীয়াই ৰাখিব লাগিব। আজি মোৰ বৰ ভাল লাগিছে। জীয়াই থকা দিনকেইটা সংস্কৃতি উন্নত কৰি ৰাখিবলৈ চেষ্টা কৰিম। আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই লোক-সংস্কৃতিৰ পথাৰখন জীপাল কৰি আগুৱাই গ’লেহে আমাৰ জাতীয় জীৱন সমৃদ্ধ হ’ব বুলি কয়। তেওঁ কয় যে লোক-সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই বঁটা দিবলৈ পাই আমি গৌৰৱান্বিত। অসমৰ লোক-সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ তেওঁলোকে নীৰৱে সাধনা কৰি আছে। জাতীয় জীৱনক সমৃদ্ধ কৰি লোক-সংস্কৃতিৰ পথাৰখনক অধিক জীপাল কৰাৰ কামনা কৰিছোঁ। পশ্চিমৰ বতাহে আমাৰ জাতীয় জীৱনক জোকাৰি গৈছে। কিন্তু বতাহ আহিলেও শিপা যদি মজবুত কৰি ৰাখিব পাৰোঁ, তেতিয়া জাতীয় জীৱনক শক্তিশালীভাবে আগুৱাই নিব পাৰিম। অসমৰ লোক-সংস্কৃতিৰ পথাৰখনত বিভিন্ন সাধকে নীৰৱে কাম কৰি আহিছে। সকলোবে অভিভাৱকত্ব লৈয়েই ছাত্র সন্থাই আগবাঢ়ি যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। ভাষণ প্রসংগত ড° ভট্টাচার্যই গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ গৃহ সংৰক্ষণৰ কথা দোহাৰে। তেওঁ কয় যে গৃহটো সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ভৱিষ্যতে উক্ত গৃহটো ছাত্ৰ-ছাত্ৰীৰ বাবে গৱেষণাৰ সমল হ’ব লাগে। প্রতিমা বাইদেউৰ সৃষ্টি-চিন্তাৰ এটা গবেষণা হোৱাৰ প্ৰয়োজন। সেয়েহে গুৱাহাটী বিশ্ববিদ্যালয়-ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি সকলো বিশ্ববিদ্যালয়ে একোখনকৈ আসন সংৰক্ষণ কৰিব লাগে। তদুপৰি লোক-সংস্কৃতিৰ সাধকসকলৰ অৰ্থনৈতিক অৱস্থা সচ্ছল কৰিবলৈ ব্যৱস্থা লোৱাৰ বাবেও তেওঁ চৰকাৰক দাবী জনাইছে। সভাত অংশ লৈ আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে ৰত্নেশ্বৰ মৰাণে ৫০ বছৰতকৈ অধিক কাল নীৰৱে মৰাণ লোক-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। মৰাণ জনগোষ্ঠীৰ হেৰাই যাব ধৰা বহু সম্পদ তেওঁ সংৰক্ষণ কৰিছে। বঁটাটোৱে তেওঁক লোক-সংস্কৃতিৰ সাধনাত আগুৱাই যাবলৈ উৎসাহিত কৰিব।  অনুষ্ঠানটোত শিল্পী চন্দ্রশ্রী চক্রবতীয়ে গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰাৰ লগতে শিল্পী ৰত্নেশ্বৰ মৰাণৰ পত্নী ভুতুকী মৰাণ, শ্যামন্তী মৰাণ আৰু অনুপ মৰাণ উপস্থিত থাকে।