লেখিকা ৰুণুপমা সন্দিকৈ গগৈৰ গ্ৰন্থ ‘সোণালী ঘাটৰ ৰূপালী ছাঁ’ উন্মোচন

লেখিকা ৰুণুপমা সন্দিকৈ গগৈৰ গ্ৰন্থ ‘সোণালী ঘাটৰ ৰূপালী ছাঁ’ উন্মোচন                               
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট লেখিকা  তথা ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণুপমা সন্দিকৈ গগৈৰ দ্বিতীয়খন গ্ৰন্থ ‘সোণালী ঘাটৰ ৰূপালী ছাঁ’ গত ২৫ ফ্ৰেব্ৰুৱাৰীত জয়া যুৱ সংঘ প্ৰেক্ষাগৃহত আয়োজিত বুৰঞ্জী প্ৰভাকৰ ভুবন চন্দ্ৰ সন্দিকৈৰ স্মৃতিত অনুষ্ঠিত ‘ইতিহাস অনুসন্ধান দিৱস’ৰ মুকলি সভাত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰি শলগুৰি মুকুল সাহিত্য সভাৰ সভাপতি তথা নিবন্ধকাৰ হৰেন চন্দ্ৰ নাথে গ্ৰন্থ এখনৰ উন্মোচনে ভাষা-সাহিত্যৰ গতিশীল পথটোলৈ এক নতুন বাৰ্তা কঢ়িয়াই আনে বুলি উল্লেখ কৰি লেখিকাগৰাকীৰ কলমৰ গতি যাতে নিয়মীয়া হয় সেই আশা ব্যক্ত কৰে৷ জয়সাগৰ সাহিত্য সভাৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত ‘ভৱিষ্যতদৰ্শী  ইতিহাস’ শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে গড়গাঁও কলেজ প্ৰাক্তন অধ্যক্ষ ড॰ পুণ্যধৰ গগৈয়ে৷ অনুষ্ঠানত শাখা সভাৰ ষান্মাসিক সাহিত্য পত্ৰিকা ‘নতুন সৃজনী’ উন্মোচন কৰে গড়গাঁও কলেজৰ অধ্যক্ষ ড॰ সব্যসাচী মহন্তই৷ শাখা সভাপতি অঞ্জলি দেউৰীৰ সভাপতিত্বত সম্পাদক প্ৰাঞ্জল প্ৰতীম খনিকৰে আঁত ধৰা সভাত সদ্যঘোষিত প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলকো বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে লেখিকা সন্দিকৈৰ ‘উপহাৰ’ নামৰ এখনি গল্পপুথি প্ৰকাশ পাইছিল৷