লেখক, চলচ্চিত্ৰ কৰ্মী ভূৱন লহকৰক সম্বৰ্ধনা

লেখক, চলচ্চিত্ৰ কৰ্মী ভূৱন লহকৰক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  বি বৰুবা মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, ‘প্ৰিয়জন’, ‘সন্ধ্যাৰাগ’, ‘অনিৰ্বাণ’ আদি  চলচ্চিত্ৰৰ কৰ্মী, বিশিষ্ট লেখক ভূৱন লহকৰক ‘পৰাগজ্যোতি প্ৰকাশন’ৰ পৰা আজি নিজ বাসভৱন  মহানগৰীৰ চানমাৰিস্হিত বাসভৱনত ফুলাম গামোচা, স্মাৰক, গ্ৰন্থৰে সম্বৰ্ধনা জনায় । প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, ‘সাহিত্য কোৱৰ’ কমল কলিতাই কয়– ‘প্ৰচাৰ বিমুখ সাহিত্য সাধক, বিভিন্ন চলচ্চিত্ৰৰ স’তে জড়িত  আছিল ভূৱন লহকৰ । সমাজত একাংশ লোকে বৰ নিৰৱে কাম কৰি থাকে । তেওঁলোকে ৰজাঘৰীয়াৰ দৃষ্টিত নপৰে । নিৰৱ সাধক সকলক ৰজাঘৰীয়াই চিনি পুৰস্কৃত কৰিব লাগে ।’ ভূৱন লহকৰে সম্বৰ্ধনা লৈ পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাৰ শলাগ লয় ।