লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ  তালাচী

Pc Nagaland Post

লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ  তালাচী

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যসমাপ্ত নির্বাচনকেন্দ্রিক এক মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়াও উত্তপ্ত খোৱাং সমষ্টি। সমষ্টিটোৰ বিজেপি আৰু এজেপিৰ দুটা ফৈদৰ মাজত হোৱা সংঘাতৰ পিছত শুকুৰবাৰে ডিব্ৰুগড় বৰপথাৰৰ গদাপানীস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাসগৃহত ডিব্ৰুগড় আৰক্ষীৰ এক বৃহৎ দলে তালাচী চলোয়। যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷  ডিব্ৰুগড় মহানগৰৰ গদাপাণিৰ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ গৃহত ডিএছপি অমৃত ৰঞ্জন বৰ্মনসহ আৰক্ষীৰ এটা বৃহৎ দলে তালাচীৰ বাবে প্ৰৱেশ কৰাৰ পিছতেই এক উত্তপ্ত পৰিৱেশৰ সূচনা হয়। নিৰ্বাচনৰ সময়ত খোৱাং সমষ্টিৰ কোটোহাত বিজেপিৰ চক্ৰধৰ গগৈ আৰু এজেপিৰ লুৰিণজ্যোতি গগৈৰ সমৰ্থিত দুটা ফৈদৰ মাজত এক ৰক্তক্ষয়ী সংঘর্ষ হয়। ফলত দুয়ো পক্ষই পৃথকে পৃথকে আৰক্ষীক গোচৰ দিয়ে। উক্ত গোচৰৰ তদন্তৰ বাবেই শুকুৰবাৰে ডিব্ৰুগড়ৰ লুৰিণজ্যোতিৰ বাসগৃহত এজন যুৱকক বিচাৰি অহা বুলি কোৱা আৰক্ষী দলটোৱে লুৰিণৰ গৃহটোৰ ভিতৰত প্ৰৱেশ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰো অভিযোগ উঠিছে। জানিব পৰা অনুসৰি আৰক্ষীৰ বৃহৎ দলটোৱে লুৰিণৰ গৃহত প্ৰৱেশ কৰি শুৱনি কোঠাৰ পৰা ৰান্ধনি ঘৰত তালাচী চলায়। যদিও কাৰ্যতঃ আৰক্ষীৰ দলটোৱে কোনো সন্দেহজনক বা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। অসম জাতীয় পৰিষদৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত কয় যে আৰক্ষীয়ে তালাচী চলাবলৈ আহিছে, কিন্তু তালাচীৰ কোনো জাননী বা ৱাৰেণ্ট নাই। আনকি তালাচীৰ সময়ত কোনো দণ্ডাধীশ উপস্থিত নাছিল। অর্থাৎ আৰক্ষীৰ দলটোৱে কোনো নীতি নিয়ম নমনাকৈ, নিজ খেয়ালখুচি মতে এনেদৰেই তালাচী চলাবলৈ আহিছিল বুলি বসুমতাৰীয়ে দাবী কৰি পুনৰ কয় যে আমাৰ কৰ্মীৰ গাড়ী ভাঙি দিয়া হ’ল, কর্মীক মাৰি তেজ উলিয়াই দিলে। কিন্তু আকৌ আমাৰ ঘৰতহে আৰক্ষীয়ে তালাচী চলাবলৈ আহিছে। ইফালে লুৰিণৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাবলৈ যোৱাত উপস্থিত থকা দলীয় একাংশ কৰ্মীয়ে প্রতিবাদ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। তালাচীৰ পাছত আৰক্ষীয়ে কোনো আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিব নোৱাৰা আৰু সু-স্পষ্ট উত্তৰ দিব নোৱাৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত ওলাই যোৱাৰ পাছত আৰক্ষী বিষয়া অমৃত ৰঞ্জন বৰ্মনৰ (ডিএছপি) নেতৃত্বত অহা আৰক্ষীৰ দলটো আঁতৰি আহিবলৈ বাধ্য হয়। ইয়াৰ পাছতে এই ঘটনাৰ সবিশেষ সংবাদ মাধ্যমক জনাই সংবাদ মেল সম্বোধন কৰে অজাপৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী আৰু উদ্বীপজ্যোতি গগৈয়ে। সংবাদ মেলত ২৪ ঘণ্টা সময় বান্ধি অজাপই ডি এছ পি অমৃত ৰঞ্জন বৰ্মনে কৰা এনে ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়। জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত অমৃত ৰঞ্জন বৰ্মনৰ গোপন অভিসন্ধি থকাৰ অভিযোগ কৰে সংবাদ মেলত। উল্লেখ্য যে বাসগৃহত থকা দলীয় বিভিন্ন নথিপত্ৰ অনিষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰে। আনকি কালিও অমৃত ৰঞ্জন বর্মনে লুৰিণজ্যোতিৰ গৃহটোত কোনো ধৰণৰ নীতি-নিয়ম নমনাকৈ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰে।