লুণীয়া টোপনি – ইভা গন্ধীয়া ফুকন

লুণীয়া টোপনি
ইভা গন্ধীয়া ফুকন
তুমি আৰু মই নিজান বাট এটাত
অকলে অকলে মুখামুখি হোৱাৰ পাছত
দুয়ো নিজৰ নিজৰ কথাই বাৰে বাৰে ভাৱি থাকিলোঁ
চকুৰ মুকুতা, ওঁঠৰ পাপৰি তোমাৰ গালত চুমা হৈ ফুলে
ওঁঠ বাগৰি হাঁহিৰ ফল্গু
নিৰ্জনতাক সুধিলোঁ
কেনেকৈ তোমাৰ দেহত ইমান সুবাসি উজ্জ্বলতা
ক’লে, তুমি হয়তো নাজানা
তেঁওৰ দেহৰ ৰন্ধে ৰন্ধে বৈ আছে
তোমাৰ গোপন কামনা
প্ৰতিশ্ৰুতিৰ ইপাৰে মই , সিপাৰে তুমি
দুখন হাত দুহালি চকু
চকুৰ গভীৰতাত , আনে বিচাৰি নোপোৱা ক’ৰবাত
মৌন ওঁঠৰ শব্দ -প্ৰতিশব্দ, কলিজা কঁপনি
তোমাক বিচাৰি এইখিনি পালোহি
যোৱা ৰাতি সপোনত তোমাৰ ইমান আমনি
তোমাক প্ৰশ্নবোৰ নকৰা হ’লেই ভাল আছিল
অন্তঃ ত উত্তৰ বোৰৰ প্ৰত্যাশাত
লুণীয়া নহ’লহেঁতেন মোৰ টোপনি
মোৰ ভাগি যোৱা বুকু
তোমাৰ দুভৰিত নুপুৰ হৈ নাচে
লৈ গলা তোমাৰ দুহাতত মোৰ হৃদয়ৰঙী আল্পনা
মোলৈ এৰি গ’লা
ঘৰ এখন পতাৰ জেতুকা জেতুকা সম্ভাৱনা
তোমাক ক’বলৈ বুকু ভৰি আছে বহু কথা
আকৌ লগ পাম কেতিয়া !!!