লুইজী বুঢ়াগোহাঁইলৈ ‘যুৱ কবি বঁটা -২৩’

লুইজী বুঢ়াগোহাঁইলৈ ‘যুৱ কবি বঁটা -২৩’
যদুমণি হাজৰিকা, নাজিৰা ,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা কবি সন্মিলনে নৱ-প্ৰজন্মৰ কবিতা চচাৰ্কাৰীসকলক উৎসাহিত কৰাৰ মানসেৰে প্ৰতি দুবছৰৰ মূৰে মূৰে নাজিৰা মহকুমা এলেকাৰ ৩৫ বছৰৰ অনুৰ্ধ কবিসকলৰ মাজৰ পৰা একোজন যুৱ কবি নিবাৰ্চন কৰি বঁটা প্ৰদান কৰি আহিছে৷ এইবছৰ এই বঁটা লাভ কৰিছে  লুইজী বুঢ়াগোহাঁইয়ে৷ চকীমুখ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত অলপতে অনুষ্ঠিত নাজিৰা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূণাৰ্ংগ অধিৱেশনৰ মুকলি সভাত তেওঁক এই বঁটা প্ৰদান কৰা হয়৷ ডিমুৱাল বিদ্যাভৱন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী লুইজী বুঢ়াগোহাঁই নাজিৰা পানীবিল নিবাসী উৎপল বুঢ়াগোহাঁই আৰু বিনু বুঢ়াগোহাঁইৰ জ্যেষ্ঠা কন্যা৷ অসম মহিলা বিশ্ববিদ্যালয়ৰ ২০২০ চনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী লুইজী বুঢ়াগোহাঁইয়ে চিত্ৰকলা বিষয়তো স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণৰ দিনৰ পৰাই সাহিত্য-চচাৰ্ৰ প্ৰতি আগ্ৰহী হৈ উঠা লুইজীয়ে জগত বৰগোহাঁই  সম্পাদিত ‘নিহাৰিকা’ আলোচনীত গল্প-কবিতা নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে৷ সৰুৰে পৰা ছবি অঁকা, কবিতা আবৃত্তি আদিৰে সকলোৰে মৰম আদৰ বুটলিবলৈ সক্ষম হোৱা লুইজীৰ কবিতা-গল্প আদি বিভিন্ন আলোচনীত  প্ৰকাশ  পাইছে আৰু তেওঁ বিভিন্ন অনুষ্ঠানে আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত বিজয়ীৰ সন্মানো লাভ কৰিছে৷ বিশ্ববিদ্যালয়ত অধ্যয়নৰ কালতো সাহিত্য চচাৰ্ অব্যাহত ৰখা লুইজীয়ে আকাশবাণীৰ ‘যুৱবাণী’ অনুষ্ঠানত কথিকা পাঠ কৰিছে৷ লুইজীৰ এই সফলতাত তেওঁৰ শুভাকাংক্ষী সকলৰ লগতে সকলোৱে আনন্দ প্ৰকাশ কৰিছে৷