লীলা – প্ৰবীণ কুমাৰ টায়ে

Pc Stockcake

লীলা

প্ৰবীণ কুমাৰ টায়ে
লালুক লক্ষীমপুৰ

সুখে হঁহোৱাই
দুখে কন্দোৱাই
নাচে পখিলাই ফুলত
জোনে পোহৰাই
তৰাই জিলিকাই আকাশ
তুমি  ঘৰৰ গৃহিনী
ঘৰতে থাকা ঘৰখন শুৱনি কৰি
কৃষ্ণ কৃষ্ণ বুলি পূজে সদায়
তোমাকে সদায়
শাহু শহুক ভগবান বুলি
পানী চটিয়াই ঠাইখন মচি
দিয়ে ভাতৰ কাঁহীৰ
হাঁহি হাঁহি খাইজোৱা
ভাত মুঠি
বাৰে বাৰে
কৃষ্ণ দৰে কৰা লীলা
ভীমৰ দৰে ধৰা ভাও
তুমি ভগৱানৰ ৰূপ
ভাল কৰিলে ভাল
বেয়া কৰিলে বেয়া
কিয় কৰা কৃষ্ণৰ লীলা
হাজাৰ কোটি প্ৰণামো
তোমাক
সহ‍্য ধৈৰ্য সীমাহীন
কিয় অবুজন হোৱা
তুমিয়ে নহয়জানো
মোৰ ঈশ্বৰ প্ৰভূ শাহুৰ শহুৰ।