লিমাৰিক
ৰুক্মিণী দাস,শ্ৰীহাটী
(১)
ফাগুন অহাৰ বাটে তুমি ও আহিলা
কিয় বাৰু মোক তুমি এবাৰো ন’কলা
উগুল থুগুল মনে
উৰা মাৰে ঘনে ঘনে
পছোঁৱাৰ ল’গতে ধূলি বোৰো আনিলা ।।
(২)
গছৰ ডালত কুলিয়ে গীত জুৰিছে
বাবুৰ দেহ মন শাত যেন পৰিছে
কৰিছে ল’ৰা ঢপৰা
বাট ওখৰা মখৰা
গধুলি শিয়ালেও কিন্তু ৰাওঁ জুৰিছে
