লিমাৰিক
ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, দেৰগাঁও
(১)
বজাৰলৈ গৈছিলো কিনিম বুলি মাছ ।
জুতি লগাই খাম ভালকৈয়ে এসাজ।
মাছ যে পালোগৈ পুথি ।
কেনেকৈ লগাম জুতি।
পতত দিয়া মাছেৰে খালো ভাত সাজ।
(২)
আইতাৰ মৰমৰ বৰ নাতি জ্যোতি।
তাইৰ হেনো নাকটো বৰকৈয়ে ছুটি ।
প্ৰত্যেকে সেইটো কয়।
কথাটো মিছা নহয়।
মুখখন সঁচাকৈ ঐ ফেঁচা যেন দেখি।
(৩)
কঁঠাল খাবলৈ মন গৈছিল বৰকৈ।
পাৰিলো বাৰীৰে সৰু দুটা দাৰীকি লৈ ।
খকত সোপাকে খালোঁ।
পৰিণাম নাভাবিলোঁ।
ঘামচিৰ চিত্চিতনি থাকো কেনেকৈ।
(৪)
সকলোৱে ভাবিছিল পৰম সুন্দৰী ।
কথাই বতৰাই হেনো মস্ত দন্দুৰী।
বৰষুণত তিতিলে।
মোকাপ বোৰ গুছিলে।
এতিয়া গমপালে সেইজনী বান্দৰী।