লিমাৰিক
ৰশ্মি গগৈ
(১)
ফাগুনে ফাকুৱা খেল দৌল যাত্ৰা তাত,
কৃষ্ণ বিহনে স্ফুৰ্টি নাই বৃন্দাবনত,
পূৰ্ণিমাত দৌল যাত্ৰা,
ফাকু খেলে পূৰ্ণ মাত্ৰা,
দুখ -শোক পাহৰিয়ে হ’য় একত্ৰিত।
(২)
ফাকুৱা কোৱা হ’য় ৰঙৰ উৎসৱ,
জীৱনত হ’য় হেনো ৰঙৰ উদ্ভৱ,
নকৰিলে দুখ-কষ্ট,
হ’ব জানো হৃষ্ট-পুষ্ট,
হ’ব জানো সহজে কষ্ট বোৰ লাঘৱ।
