লিমাৰিক – ৰশ্মি গগৈ

লিমাৰিক

ৰশ্মি গগৈ
টেঙাখাত,ডিব্ৰুগড়

(১)

বিয়ালৈকে যাওঁ বুলি কাপোৰ পিন্ধিলো,
ঘৰত আলহী আহিল যাব নাপালোঁ,
গধূলি দেখা দিলোঁগৈ
খোৱা একো ন’হলগৈ,
বিয়াৰ শাক-ভাতৰ সোৱাদ নাপালো।

(২)

জীৱনৰ ৰং-বুজি একো পোৱা নাই,
সময়ৰ গতি কিন্তু গৈছে আগুৱাই,
জীৱন মানেই ব্যস্ত,
নকৰা সময় নস্ত
হাঁহি-কান্দি তেনেকৈয়ে নিয়া আগুৱাই