লিমাৰিক – ৰশ্মি গগৈ

লিমাৰিক

ৰশ্মি গগৈ,টেঙাখাত (ডিব্ৰুগড়)

(১)

ফাগুনৰ বতৰে মন উতলা কৰে,
উতলা মন চেনাইৰ কাষলৈ উৰে,
চেনাই মোৰ ঢুলীয়া,
বিহুত বৰ বলীয়া,
তাকে ভাবি থাকোতে মোৰ টোপনি ধৰে।

(2)

ফাগুনতে শুনিলো কুলি চৰাই মাত,
উগুল থুগুল লাগি গ’ল মোৰ গাত,
বিহু গীতকে ৰচিলো,
নিজেই গাই শুনিলো,
বিহু শুনি মানুহজনে লগালে জাত।