লিমাৰিক
যমুনা দুলু বৈশ্য, শুৱালকুছি
(১)
আজিকালি সকলোৱে নিজক লৈ ব্যস্ত
খবৰ লবলৈ সময় নকৰে নষ্ট
যিটো কম সঁচা কম
মিছা কিয় কয় ৰম
ভুল নুবুজিবা মোৰ কথাটি যে স্পষ্ট ।
(২)
অ প্ৰিয়া উৰহৰ খং ঢাৰিত জাৰো
অজ্ঞতা ধৰা পৰিলে ধৰফৰ কৰো
ধনেই কৰে অজ্ঞান
বিজ্ঞয়ে লয় সন্মান
লাজ ঢাকিবলৈ চকুমুজি জ্বলি মৰো ।
