লিমাৰিক – মীনা হাজৰিকা

লিমাৰিক

মীনা হাজৰিকা,যোৰহাট

১/
খাল বিলত পানীৰে উপচি পৰিছে
বৰশীটোকে লৈ গৃহস্থ ওলাই গৈছে
বাঁহৰ তলত বাব
শলমাছে ভাত খাব
মুৰকত জানিলোঁ জুৱাত বহি আছে।

জুৱাত হাৰি বপুৰাই ঘৰ পালেহি
ভাত হোৱাই নাই বুলি দম দিলেহি
বুদ্ধি এটা সাজি ল’লো
জ্বৰ উঠা বেশ দিলোঁ
এই হেন গৰমতো লেপ লৈ শুলোহি ।