লিমাৰিক – মালবিকা দেৱী

Pc illustAC

লিমাৰিক

মালবিকা দেৱী,শোণিতপুৰ

(১)
ধন আৰু সোণ দুয়োটা ককাই ভাই,
এদিন দুয়ো গ’ল বিদেশলৈ পলাই।
দুয়ো বৰ এলেহুৱা,
তাৰ ঠাই আচহুৱা।
কাম এৰি দুয়ো আকৌ আহিল পলাই।

(২)
টকা ধাৰলৈ নি মায়াই স্বামীক দিলে,
ফোন কৰোতে তাই ৰিচিভ নকৰিলে।
আজি হলো মুখামুখি,
ভয় খালে মোক দেখি।
সোধাত ক’লে তাই ফোনটো বেয়া বোলে।