লিমাৰিক – মালবিকা দেৱী

লিমাৰিক

মালবিকা দেৱী,শোণিতপুৰ

(১)
ৰেখা খুড়ী আবেলি নামঘৰলৈ যায়,
গোপীনি লগত বহি হৰি নাম গায়।
খুড়ীয়ে নাপায় শুনি,
হৰিৰ নামৰ ধ্বনি।
দেখাক দেখি খুড়ীয়ে হৰি নাম গায়।

(২)
আজিকালি মানুহ চিনা পোৱাই টান,
টকাৰ অবিহনে নাই মান সন্মান।
টকা দিলে বঁটা পায়,
প্ৰতিভা লুকাই যায়।
ভাল মানুহ এতিয়া চিনি পোৱা টান।