লিমাৰিক – মালবিকা দেৱী

লিমাৰিক

মালবিকা দেৱী,শোণিতপুৰ হুগ্ৰাজুলি

(১)
ধন ল’ৰাটো বৰ সাংঘাটিক দুষ্ট,
চেহেৰা পাতিয়ে ধন বৰ হৃষ্ট পুষ্ট।
পঢ়াত নিদিয়ে মন,
নকলত তাৰ মন ।
পৰীক্ষাত চাই লিখে নকৰে সি কষ্ট।

(২)
বিয়ালৈ মাতিলেই মনটো হয় বেয়া,
বিয়া খোৱা নহয় খান্দি কৰিহে নিয়া।
উপহাৰো দামী লাগে,
গাড়ী ভাৰা বেছি লাগে।
যাবলৈ নোৱাৰিলে মানুহে পায় বেয়া।