লিমাৰিক – মালবিকা দেৱী

লিমাৰিক

মালবিকা দেৱী,শোণিতপুৰ

(১)
দামী গাড়ী কিনিব ধনে মাকক ক’লে,
সুদত টকালৈ মাকে গাড়ী কিনি দিলে।
নিজকে ভাবে সি হিৰো,
পঢ়াত ডাবোল জিৰো।
সুদ দিব নোৱাৰি মাকে গাড়ী বেছিলে।

(২)
শেৱালী বৌ জীয়েক নাই বুলি শুনিলো
দাদাৰ কান্দোন শুনি কি হৈছে ভাবিলো।
কন্দা কটা বাঢ়ি গ’ল,
চুবুৰীয়া দৌৰি গ’ল।
জীয়েক পলাল বুলি তাত গৈ জানিলো।