লিমাৰিক – মালবিকা দেৱী

লিমাৰিক

মালবিকা দেৱী,শোণিতপুৰ

(১)
বজাৰৰ পাচলি নাখাওঁ বুলি ভাবি,
বাৰীত কৰিছিলো অলপ বন্ধা কবি।
লোকৰ গৰু সোমাই
দুপৰীয়া গ’ল খাই।
আবেলি গৈ দেখিলোঁ এটাও নাই কবি।

(২)
বিজু খুড়ী পুতেকৰ লাগিছে ওফোন,
আনি দিব লাগে তাক এটা আইফোন।
আমি কৈছিলো নিদিবা,
দিবলৈ জানো পাৰিবা।
মাকে আনি দিলে ধাৰ কৰি আইফোন।