লিমাৰিক
মায়া বৰদলৈ
(১)
পাচলিৰ বাৰীখন দেখিবলৈ ভাল
লাই মূলা পেটত, লগায় গোলমাল
ফুল ওল বন্ধাকবি
থাইৰডক নকবি
বাত বিষত কোঙা,খাই পালেং এগাল ।
(২)
ভতিজাৰ বাবে ছোৱালী চাবলৈ গলোঁ
সকলোৰে মিঠামাত অভিভূত হলোঁ
সৰু মাছ ভজা এটা
জোলত সাঁতোৰে দুটা
এনে চিকটা মিতিৰ মূখ বিদৰালোঁ ।
