লিমাৰিক – মায়া বৰদলৈ

লিমাৰিক

মায়া বৰদলৈ

(১)
ভাদ মাহ আহিলেই মন ভাল লাগে
নামত মজি থাকিলে ভাগৰ নালাগে
নাম গাওঁ তালে তালে
চাহ লাৰু সবে খালে
প্ৰসাদৰ টোপোলালৈ উঠিবহে লাগে ।
(২)
বতৰৰ ফলমূল বতৰতে খাবা
তেতিয়া বছৰতোলৈ গাত বল পাবা
কঠাল লেটেকু আম
মধুৰি জামুক খাম
বেচিকৈ নিদিবা খাই গেছ হব চাবা ।