লিমাৰিক – মায়া বৰদলৈ

লিমাৰিক

মায়া বৰদলৈ,যোৰহাট

(১)
জানুৱাৰীতে মালিনী থানলৈ গৈছিলোঁ
ভক্তিভাবে সকলোৱে সেৱা কৰিছিলোঁ‌
পৰিবেশ নিৰিবিলি
ফুৰো আমি মিলিজুলি
হোটেলতে ভাত খাই ঘৰমুৱা হলোঁ ।
(২)
এমাহৰ আগতেই যোগাৰ কৰিলোঁ
সময়ত একোকেই বিছাৰি নাপালোঁ
কিনো কৰো হায় হায়
দিয়াহে সখী উপায়
দলেবলে অতিথি হাতযোৰ কৰিলোঁ।